আজি গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত জলবিদ্যুৎ উৎপাদন সম্পৰ্কত উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ এখন বৈঠক অনুষ্ঠিত হয়।বৈঠক চলি থকাৰ সময়তে হোটেলখনৰ সন্মুখত পুৱা ৯.৩০ বজাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ লগতে সংগঠনটোৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
বৃহৎ নদীবান্ধৰে অসমক ধ্বংস কৰিবলৈ দিয়া নহ'ব, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰক,নদীবান্ধৰ সপক্ষে মাত মতা বিজেপি চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ গ' বেক শ্লোগানেৰে কৃষক মুক্তিয়ে উত্তাল কৰে প্ৰতিবাদস্থলী।
প্ৰতিবাদস্থলীত উপস্থিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয়- 'হোটেল তাজ ভিভান্তাত কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ নেতৃত্বত উত্তৰ-পূবৰ শক্তিমন্ত্ৰীসকলৰ যি বৈঠক চলি আছে,সেই বৈঠকৰ বিৰোধিতা কৰি আৰু উত্তৰ-পূৰ্বাঞ্চলত যাতে কোনো ধৰণৰ নদীবান্ধ হ'ব নোৱাৰে- তাৰ কাৰণে শক্তিমন্ত্ৰীসকলৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।'
'অসম পুলিচে গণতান্ত্ৰিক সকলো নীতি-নিয়ম পৰিহাৰ কৰি আমাক বাধা দিয়াৰ পিছতো আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ'-অখিল গগৈয়ে কয়।
তেওঁ লগতে কয়-'নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব । এই জলবিদ্যুৎ প্ৰকল্পটোৰ কাম আৰম্ভ হ'লেই উত্তৰ পূৰ্বাঞ্চলৰ ১৬৮ টা নদীবান্ধ পুনৰ আৰম্ভ হৈ যাব।১৬৮ টা নদীবান্ধ নিৰ্মাণ হ'লে অসম কেতিয়াও বাছি নাথাকিব।'
'গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ লগতে এই প্ৰকল্পৰ সন্দৰ্ভত যি বিশেষজ্ঞ কমিটীৰে সৈতে ত্ৰিপাক্ষিক বৈঠক হৈছিল,সেই ত্ৰিপাক্ষিক বৈঠক পুনৰ অনুষ্ঠিত হ'ব লাগে'-গগৈয়ে মন্তব্য কৰে। প্ৰতিবাদৰ শেষত গুৱাহাটী মহানগৰীৰ আৰক্ষী অধীক্ষকলৈ কৃষক মুক্তিয়ে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
- Log in to post comments
- 14 views