নিউজ ডেস্ক:
মোডী চৰকাৰে ঐতিহাসিক বুলি জনসাধাৰণক আভুৱাভাৰী গ্ৰহণ কৰা বিমুদ্ৰাকৰণে এতিয়া দেশত সৃষ্টি কৰিছে অৰ্থনৈতিক বিপৰ্যয়। যি বিপৰ্যৰ প্ৰভাৱ এতিয়া বাৰুকৈ পৰিছে অসমতো। বিশেষকৈ অৰ্থনৈতিক বিপৰ্যৰ প্ৰভাৱত এতিয়া বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখনৰ চাহ শিল্পৰ লগত ৫৫ হাজাৰ সাধাৰণ কৰ্মচাৰী। কেৱল নিৰ্বাচনীৰ ডেওনা পাৰ হোৱাৰ সময়ত চাহ শ্ৰমিক সকলৰ কথা চিন্তা কৰাৰ মোডী চৰকাৰৰ অৰ্থনৈতিক বিপৰ্যৰ বাবে পূৰ্বৰ বছৰৰ দৰে এইবাৰ ৰাজ্যৰ চাহ শ্ৰমিক সকলে দূর্গাৰ পূজাৰ সময়ত নাপায় ২০%শতাংশ বোনাচ। তাৰ পৰিৱৰ্তে চাহ শ্ৰমিকসকলে এইবাৰ দূর্গাৰ পূজাৰ সময়ত বোনাচ পোৱাৰ প্ৰায় নিশ্চিত হৈছে ৮.২%। যি নেকি ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ কষ্ট আৰু প্ৰাপ্যৰ প্ৰতি মোডী চৰকাৰৰ অন্যায়। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি সভাপতি বৰাই আৰু কয় কেৱল ভোটৰ সময়ত বাগানৰ শ্ৰমিকক প্ৰয়োজন হোৱা সোনোৱাল চৰকাৰে নিৰ্বাচনৰ আগমুহূৰ্তত দিয়া প্ৰতিশ্ৰুতি ৩৫০টকাৰ দৈনিক মজুৰীৰ ব’র্ডে পাছ কৰাৰ পাছতো আজি পৰ্যন্ত কি কাৰণে কাৰ্যকৰী কৰা নহ’ল তাক সোনোৱাল চৰকাৰে ৰাজহুৱা কৰিব লাগে বুলিও সংবাদ মেলত উল্লেখ কৰে।
ইয়াৰ উপৰি যোৱা চাৰে তিনিবছৰৰ পূৰ্বে কেৱল নিৰ্বাচনৰ ভোটৰ স্বাৰ্থত চাহ বাগিচা অঞ্চলত ১০০ খন হাইস্কুল খুলিম বুলি কোৱা সোনোৱাল চৰকাৰে আজি পৰ্যন্ত কি কাৰণে এখনো হাইস্কুল খুলিব নোৱাৰিলে বুলিও সংবাদ মেলত প্ৰশ্ন কৰে।আনহে নালাগে নিৰ্বাচনৰ সময়ত চাহ বাগিচা অঞ্চলমূহত থকা বিদ্যালয় সমূহ চৰকাৰীকৰণ কৰিম বুলি কোৱা বিজেপি চৰকাৰে আজি পৰ্যন্ত এখনো বিদ্যালয় চৰকাৰীকৰণ কৰা বাবে চিন্তা নকৰিলে বুলি তেওঁ উল্লেখ কৰে। ফলত এতিয়া চাহ শ্ৰমিকসকলক চৰকাৰে সকলো ফালৰ পৰা বঞ্চনা কৰি আহিছে। ইয়াৰ উপৰিও সংবাদ মেলখনত তেওঁ কয় চাহ বাগিচা চৰ্দাৰ সকলক ১৫শ টকীয়া মোবাইল ফোন আৰু ৫০০০ টকাৰ এককালীন সাহায্য আগবঢ়াইছে কিন্তু শ্ৰমিকসকলক মূল সমস্যৰ পৰা আঁতৰাই ৰাখিছে। অৰ্থনৈতিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে চৰকাৰখন আজি ১৫০০টকীয়া মোবাইল ফোন আৰু ৫০০০টকা এককালীন সাহায্য দিয়াৰ পৰিৱৰ্তে শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫০টকা কৰিব লাগিছিল। তাকে নকৰি এতিয়া চৰকাৰখনে এহাতে দি যদি ১টকা দিছে অন্যহাতে ১০০টকা কাঢ়ি লৈছে।
ইফালে কংগ্রেছ চৰকাৰৰ দিনটো চাহবাগিছা সমূহত অৰ্থনৈতিক বিপৰ্য হোৱাৰ কথা স্বীকাৰ কৰি তেওঁ কয়, কিন্তু সেই সময়ত চাহ শ্ৰমিক সকলক সহায় কৰাৰ বাবে চৰকাৰে ৪০০কোটি টকা অনুদান আগবঢ়াইছিল বুলিও তেওঁ কয়। ডিজিটেল ইণ্ডিয়াৰ কথা কৈ চাহ শ্ৰমিকসকলৰ সুবিধা বাবে চাহবাগিছা সমূহত ১০০০টা এটিএম মেচিন স্থাপন কৰিব লাগিছিল কিন্তু আজি সেই মেচিনৰ সংখ্যা হৈছেগৈ মাত্র ২৫০টা।একেদৰে পূৰ্বৰ তুলনাত যোৱা ৯মাহত ৰাজ্য চাহ বাগিচা সমূহত শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হোৱাৰ কথা উল্লেখ কৰে। তাৰ কাৰণ চাহ বাগিচা সমূহত থকা মেডিকেল সমূহত ডক্টৰৰ অভাৱ লগতে মেডিকেল সমূহত থকা এম্বুলেন্সৰ উপযুক্ত সুবিধা নথকাটো এক অন্যতম কাৰণ বুলি তেওঁ অভিহিত কৰে। সভাপতিৰ বৰা দাবী ৰাজ্য চৰকাৰৰ ওচৰত যদি চাহ উদ্যোগক উদ্ধাৰ কৰাৰ বাবে যদি অৰ্থ অভাৱ তেন্তে কেন্দ্ৰ চৰকাৰৰ পৰা বিশেষ পুঁজি আনি হ’লেও আগন্তক পূজাত ২০% বোনাচ দিব লাগে।
- Log in to post comments
- 20 views