প্ৰথম ভাৰতীয় বেডমিণ্টন বিশ্ব চেম্পিয়ন হোৱাৰ অভিলেখ গঢ়িলে পি ভি সিন্ধুয়ে

p v

নিউজ ডেস্ক:
ভাৰতীয় বেডমিণ্টনত ইতিহাস ৰচনা কৰি বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিলে শ্বাটলাৰ পি ভি সিন্ধুয়ে। চুইজাৰলেণ্ডত অনুষ্ঠিত বিএফডব্লিউ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ অর্জন কৰি বেডমিণ্টনত প্ৰথম ভাৰতীয় বিশ্ব চেম্পিয়ন হোৱাৰ অভিলেখ গঢ়ে অলিম্পিকত ৰূপৰ পদক লাভ কৰা পি ভি  সিন্ধুয়ে।  ভাৰতীয় শ্বাটলাৰগৰাকীয়ে দেওবাৰে প্ৰতিদ্বন্দী জাপানৰ নৌজুমি ওকোহাৰাক পৰাস্ত কৰি দখল কৰিছে স্বৰ্ণ।
আজিৰ ফাইনেল খেলখনত ৰেংকিঙৰ পঞ্চম স্থানৰ পিভি সিন্ধুৱে ৰেংকিঙৰ চতুৰ্থ স্থানৰ নৌজুমিৰ লগত ৩৭ মিনিট যুঁজ দি ২১-৭,২১-৭ পোনপটীয়া চেটত পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে।
ইফালে, পি ভি সিন্ধুৱে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰাৰ পিছতে ভাৰতীয় বেডমিণ্টন এছোচিয়েচনৰ তেওঁলৈ ২০লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে।

Your Comments