প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 

sra

প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ বিজেপিৰ বহুকেইগৰাকী মন্ত্ৰী-বিধায়কে প্ৰাক্তন বিত্তমন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।হোজাইত সদৌ অসম আগৰ খেতিয়ক আৰু ব্যৱসায়ী কল্যাণ সমিতিৰ উদ্যোগত আয়োজিত এখন অভিনন্দন জনসভাত অংশগ্ৰহণ কৰিবলৈ গৈ তাতে তেওঁ জেটলীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে।তেওঁৰ লগতে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা,হোজাইৰ বিধায়ক শিলাদিত্য দেৱ,মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী প্ৰমুখ্যে বহুসংখ্যক নাগৰিক উপস্থিত থাকে।

Your Comments