জন্মাষ্টমীত দেশৰ কোটি কোটি লোকৰ দৰে ভাৰতক দুটাকৈ বিশ্বকাপ খিতাপ জয়ী কৰোৱা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত নিজকে অৰ্পণ কৰিলে।সম্প্ৰতি ছ'চিয়েল মিডিয়াত জন্মাষ্টমী উপলক্ষে এম এছ ধোনীয়ে বাঁহী বজাই থকা এটা ভিডিঅ' বেছ ভাইৰেল হৈছে।ভিডিঅ'টোত ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছী পিন্ধি ধোনীয়ে বাঁহী বজাই থকা দেখা গৈছে।হাজাৰ হাজাৰ লোকে এই ভিডিঅ'টো অতিকৈ পছন্দ কৰি লাইক আৰু শ্বেয়াৰ কৰিছে।
ভিডিঅ'টোত ধোনীয়ে বাঁহী বজোৱা শুনি ভাব হয় তেওঁৰ যেন পূৰ্বৰে পৰাই বাঁহী বজোৱাৰ অভ্যাস আছে।ধোনীৰ বহু অনুৰাগীয়ে কৈছে যে জন্মাষ্টমী উপলক্ষে এয়া ক্ৰিকেটাৰজনৰ 'কৃষ্ণ অৱতাৰ'!
- Log in to post comments
- 9 views