প্ৰাক্তন ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ তথা অধিনায়ক অজিৎ ৱাডেকাৰৰ বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৱাডেকাৰে কালি মুম্বাইৰ যশলোক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ ৷
১৯৪১ চনৰ ১ এপ্ৰিলত ৱাডেকাৰৰ জন্ম হৈছিল মুম্বাইত ৷ স্কুলীয়া জীৱনৰ পৰাই তেওঁৰ ক্ৰিকেটৰ প্ৰতি আছিল প্ৰৱল ধাউতি ৷ ১৯৫৮-৫৯ চনত ওবাডেকাৰৰ মুম্বাইৰ হৈ ৰঞ্জি ট্ৰফীত অভিষেক ঘটে ৷ ইয়াৰে ৮ বছৰৰ মূৰত ভাৰত ভ্ৰমণলৈ অহা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দললৈ তেওঁ নিৰ্বাচিত হয় ৷ সাধাৰণতে দলত তেওঁক তিনি নম্বৰ স্থানত বেটিং কৰা দেখা গৈছিল আৰু দুৰ্দান্ত শ্লিপ ফিল্ডাৰ হিচাপেও তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷
১৯৭১ চনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যোৱা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল ৷ উল্লেখ্য যে সেই দলটোত সুনীল গাভাস্কাৰ, গুণ্ডাপ্পা বিশ্বনাথ, ফাৰুখ ইঞ্জিনীয়াৰ, বিষাণ সিং বেদীৰ দৰে খেলুৱৈয়ে খেলিছিল আৰু গাভাস্কাৰৰ টেষ্ট অভিষেক ঘটিছিল ৷ বাডেকাৰৰ নেতৃত্বত ৱেষ্ট ইণ্ডিজৰ ভূমিত ভাৰতে সেইবাৰ টেষ্ট ক্ৰিকেটত ঐতিহাসিক শৃংখলা জয় কৰিছিল ৷ ইংলেণ্ডৰ বিৰুদ্ধেও ভাৰতে ৱাডেকাৰৰ নেতৃত্বতেই জয়ৰ মুখ দেখা পাইছিল ৷
১৯৭৪ চনত ভাৰতীয় দলে ইংলণ্ড ভ্ৰমণত পৰাজয়ৰ সন্মুখীন হোৱাত তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ ইয়াৰ পিছত ৯০ৰ দশকত তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হয় ৷ সেই সময়ত ভাৰতীয় দলৰ অধিনায়ক আছিল মহম্মদ আজহাৰউদ্দিন ৷ ৱাডেকাৰ-আজাহাৰ যুটিয়ে ভাৰতীয় দলক বহুকেইখন টেষ্টত জয়ৰ সোৱাদ দিছিল ৷ সেয়েহে তেওঁ এজন সফল প্ৰশিক্ষক হিচাপে পৰিগণিত ৷
অজিৎ ৱাডেকাৰে টেষ্ট ক্ৰিকেটাৰ হিচাপে মুঠ ৩৭খন টেষ্ট খেলি ২,১১৩ ৰাণ কৰিছিল ৷ তেওঁৰ সৰ্বোচ্চ ৰাণ ১৪৩ ৷ আনহাতে, তেওঁ দুখন এদিনীয়াত ৭৩ ৰাণ কৰে ৷ এদিনীয়াত সৰ্বোচ্চ ৰাণ আছিল অপৰাজিত ৬৭ ৰাণ ৷
- Log in to post comments
- 8 views