বিগত ১৭ বছৰে ৱেষ্ট ইণ্ডিজত প্ৰতিটো টেষ্ট শৃংখলা জয় কৰিছে ভাৰতে:এইবাৰো 'ক্লিন ছুইপ' কৰাৰ লক্ষ্য

test

ভাৰতে ৱেষ্ট ইণ্ডিজত প্ৰথমখন টেষ্টত জয়লাভ কৰিবলৈ সুদীৰ্ঘ ২৩ বছৰ অপেক্ষা কৰিছিল।১৯৪৮-৪৯ চনত ৱেষ্ট ইণ্ডিজত প্ৰথমখন টেষ্ট খেলাৰ পিছত ২৩ বছৰৰ মূৰত ১৯৭০-৭১ চনত ভাৰতে দেশখনত প্ৰথমখন টেষ্টত জয়লাভ কৰিছিল।


কিন্তু ২০০২ চনৰ পিছত পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছিল।২০০২ চনৰ পিছত ৱেষ্ট ইণ্ডিজত ভাৰতে প্ৰতিটো টেষ্ট শৃংখলাত জয়লাভ কৰিছে।আনকি,উক্ত চনৰ পিছত ৱেষ্ট ইণ্ডিজত এখনো টেষ্টত পৰাস্ত হোৱা নাই ভাৰত।এইবাৰো অহা ২২ আগষ্টৰ পৰা আৰম্ভ হ'ব লগীয়া টেষ্ট শৃংখলাত 'ক্লিন ছুইপ' কৰাৰ আশা ৰাখিছে ভাৰতীয় দলে।উল্লেখ্য যে টী-২০,এদিনীয়া শৃংখলা ইতিমধ্যে ক্লিন ছুইপ কৰিছে ভাৰতে।

Your Comments