২০১৯ বর্ষৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজা আৰু পুনম যাদৱ

arjun

নিউজ ডেস্ক:
কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ-কল্যাণ বিভাগে ঘোষণা কৰিলে ২০১৯বর্ষৰ অৰ্জুন বঁটাৰ বাবে ১৯ গৰাকী খেলুৱৈৰ নাম। শনিবাৰে ঘোষণা কৰা এই তালিকাত আছে ক্রিকেটাৰ ৰবীন্দ্ৰ জাদেজা।লগতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ পুনম যাদৱকো এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

উল্লেখ্য যে ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব'র্ডে ২০১৯ বর্ষৰ এই বঁটাৰ বাবে ৪ গৰাকীৰ) খেলুৱৈৰ নাম প্ৰেৰণ কৰিছিল।তাৰ ভিতৰত মনোনীত হ'ল ৰবীন্দ্ৰ জাদেজা আৰু পুনম যাদৱ।অৰ্জুন বঁটাৰ বাবে নাম প্ৰেৰণ কৰা আন ক্ৰিকেটাৰ দুগৰাকী হৈছে মহম্মদ ছামী আৰু জছপ্ৰীত বুমৰাহ। 


ইফালে,২০১৮ বর্ষত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৰা এই বঁটাৰ বাবে নিৰ্বাচিত হৈছিল ভাৰতীয় মহিলা ক্ৰিকেটৰ অপেনাৰ স্মৃতি মান্ধানা।

Your Comments