ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদত ৰবি শাস্ত্ৰীয়েই বাহাল

rabi

নিউজ ডেস্ক:

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ৰবি শাস্ত্ৰীক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক নিৰ্বাচন কৰা হ'ল। বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েই পৰৱৰ্তী দুবছৰলৈ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে বাহাল থাকিব। এই কথা ইতিমধ্যে বিচিচিআইৰ মুখ্য কাৰ্যালয়ত ঘোষণা কৰিছে বিচিচিআয়ে গঠন কৰি দিয়া ক্ৰিকেট উপদেষ্টা সমিতিৰ নেতৃত্বত থকা কপিল দেৱে।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক নিযুক্তিৰ বাবে বিচিচিআইয়ে বিজ্ঞাপন প্ৰকাশ কৰিছিল। মুখ্য প্ৰশিক্ষক নিৰ্বাচনৰ দায়িত্ব ক্ৰিকেট উপদেষ্টা সমিতিক অৰ্পণ কৰা হৈছিল। মুখ্য প্ৰশিক্ষক পদৰ বাবে শ্বৰ্ট লিষ্ট কৰা ৬ গৰাকী আবেদনকাৰীৰ মাজৰ পৰা ৰবি শাস্ত্ৰীক নিৰ্বাচন কৰে উপদেষ্টা সমিতিয়ে।

Your Comments