স্বাধীনতা দিৱসৰ দিনা মহানগৰীৰ ক'ত ক'ত থাকিব ন’ এণ্ট্ৰি অথবা ন’ পাৰ্কিং

indepe

নিউজ ডেস্ক:

৭৩ সংখ্যক স্বাধীনতা দিৱসৰ বাবে মহানগৰীত যান-বাহন শাখাৰ বিশেষ নিৰ্দেশনা অনুসৰি মহানগৰীৰ কিছুমান ঠাইত থাকিব ন’ এণ্ট্ৰি অথবা ন’ পাৰ্কিঙৰ ব্যৱস্থা। মঙ্গলবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলন চলি থকাৰ সময়তে সংবাদ মাধ্যমৰ আগত এই কথা কয় মহানগৰ যানবাহন শাখাৰ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই। তেওঁ আৰু কয় যে " খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ কাৰণে কাৰ্যসূচী আয়োজন কৰা হৈছে। সেই দিনটোত সুৰক্ষাৰ সকলো দিশ চালি জাৰি চাই ভিভিআইপি, পদযাত্ৰীৰ সুৰক্ষা তথা সাধাৰণ জনতাই যাতে খানাপাৰালৈ আহি সুন্দৰকৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহ উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা লৈছোঁ"।  " ১৫ আগষ্টৰ দিনা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ চাৰিওফালে ন’ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। কইনাধৰা পুলিচ পইণ্টৰ পৰা খানাপাৰা উৰণীয়া সেতু পৰ্যন্ত, খানাপাৰা উৰণীয়া সেতুৰ পৰা ৰিচাৰ্ছ গেট পৰ্যন্ত, ৰিচাৰ্ছ গেট ৰ পৰা বিজন গেট পৰ্যন্ত আৰু বিজন গেট ৰ পৰা মিউজিয়াম লৈ পুনৰ কইনাধৰা পুলিচ পইণ্ট পৰ্যন্ত এই সকলোতে ন’ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে" বুলিও প্ৰশান্ত শইকীয়াই জানিবলৈ দিয়ে।

আনহাতে "যিখিনি আমন্ত্ৰিত অতিথি বা ভিআইপি খানাপাৰালৈ যাব তেওঁলোকৰ কাৰণে জিলা প্ৰশাসনে পাছৰ ব্যৱস্থা কৰিছে। এই পাছ ব্যক্তি বিশেষে সমূহ ৰঙা,  হালধীয়া আৰু নীলা ৰঙৰ বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় " হালধীয়া আৰু নীলা পাছ থকা ব্যক্তি সকলৰ বাহনৰ বাবে খানাপাৰাৰ ষ্টাফ কলেজত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আৰু জু ৰোড, নুনমাটি, প ল্টন বজাৰ অথবা জি এছ ৰোড হৈ  যিসকল সাধাৰণ ৰাইজ আহিব তেওঁলোকৰ বাবে গণেশ মন্দিৰৰ প্ৰাংগণত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে"। যান-বাহনৰ এই ব্যৱস্থাসমূহ ভিআইপি,  ভিভিআইপি,  সাধৰণ ৰাইজ আৰু পথ সুৰক্ষা এই আটাইকেইটা দিশ বিবেচনা কৰি এই ব্যৱস্থা লোৱা হৈছে। মহানগৰ যান-বাহন শাখাৰ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই সাধাৰণ জনতাই যাতে ১৫ আগষ্টৰ দিনা এই নিয়মসমূহ মানি চলে তাৰ বাবেও আহ্বান জনায়।

Your Comments