মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 'দৈনন্দিন বাৰ্তা' গোষ্ঠীৰ ৫০,০০১ টকাৰ চেক প্ৰদান

cheque

অসমৰ সংবাদক্ষেত্ৰত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰা ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীয়ে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বাতৰি কাকত সংস্থাটোৱে ৫০,০০১ টকাৰ এখন চেক প্ৰদান কৰে। ইয়াৰ লগতে অহা অক্টোবৰ মাহত 'দৈনন্দিন বাৰ্তা' গোষ্ঠীয়ে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানলৈ মুখ্যমন্ত্ৰীগৰাকীক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনায়।


উল্লেখ্য যে 'আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটি'ৰ জৰিয়তে সমাজৰ বৌদ্ধিক,সাংস্কৃতিক তথা সাহিত্য-কলা আদিৰ কৃতবিদ্য লোকক এটা বিশেষ বঁটা প্ৰদান কৰা হয়।২০১১ চনত প্ৰথমবাৰৰ বাবে এই বঁটা অৰ্থাৎ ‘আলোকপ্ৰভঞ্জন বঁটা’ প্ৰদান কৰা হৈছিল প্ৰথিতযশা কবি নলিনীধৰ ভট্টাচাৰ্যলৈ। আনহাতে,এইবাৰ আলোকপ্ৰভঞ্জন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে অসমৰ বৌদ্ধিক আৰু শৈক্ষিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি ড: অমৰজ্যোতি চৌধুৰীক। সমান্তৰালভাৱে 'দৈনন্দিন বাৰ্তা’ বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত কৰা হৈছে কেইবাদশক ধৰি দেশ আৰু জাতিৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা বিশিষ্ট সমাজকৰ্মী তীৰ্থাংক দাস কলিতা (শংকৰ দাস)ক। 


ইয়াৰ উপৰিও এই সংবাদ গোষ্ঠীটোৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাই অহা ইংৰাজী ভাষাৰ দৈনিক কাকত ‘দ্য আসাম ৰাইজিং’ৰ নাম সম্বলিত উদগণিমূলক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৰাজ্যৰ উদ্যোগ-বাণিজ্য খণ্ডলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সহায় কৰা একাধিক কৃতবিদ্যলৈ।
এই উপলক্ষে অক্টোবৰ মাহৰ তৃতীয় সপ্তাহত গুৱাহাটীত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু এই কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনোৱা হয়।


দৈনন্দিন বাৰ্তা গোষ্ঠীৰ হৈ মুখ্যমন্ত্ৰীৰ সাক্ষাৎকালত উপস্থিত আছিল দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক নৰেন হাজৰিকা, সম্পাদক তথা পৰিচালন সঞ্চালক শংকৰ গোহাঁই, জ্যেষ্ঠ সাংবাদিকদ্বয় বৈকুণ্ঠ নাথ গোস্বামী আৰু চন্দ্ৰ কুমাৰ বৰুৱা।

Your Comments