৩০ আগষ্টত ঘেৰাও কৰিব গুৱাহাটী বিশ্ববিদ্যালয়,কিন্তু কিয়?

sfi

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা ব্যৱস্থাত আছে ব্যাপক খেলিমেলি।বিদ্যাৰ্থীসকলৰ জীৱন ধ্বংস কৰিবলৈ  বিচাৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে।বিশ্ববিদ্যালয়ৰ ফলাফলতো আছে ভয়ংকৰ খেলিমেলি।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এইদৰে মন্তব্য কৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচন(এছএফআই)ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক নিৰংকুশ নাথে। 

তদুপৰি, ২০১৮-১৯ বৰ্ষত বিশ্ববিদ্যালয়খনে ঘোষণা কৰা প্ৰথম ছেমিষ্টাৰৰ কলা শাখাত ৩৭,২১৭ গৰাকী শিক্ষাৰ্থীৰ ১০,৮৫৮ জন(উত্তীৰ্ণ ২৯.৯৮ শতাংশ), বাণিজ্য শাখাত ২,২৬৬ জন শিক্ষাৰ্থীৰ  ৪২৬ জন(উত্তীৰ্ণ ১৮.৮০ শতাংশ), বিজ্ঞান শাখাত ৩২১৩ জন শিক্ষাৰ্থীৰ ৫৬৬ গৰাকী(উত্তীৰ্ণ  ১৭.৬২ শতাংশ) উত্তীৰ্ণ হোৱাটোৱে সমস্যাটোৰ গুৰুত্ব উপলব্ধি কৰোৱা বুলি সম্পাদকগৰাকীয়ে কয়।


নাথে কয়-'গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক পৰ্য্যায়ত যি ছেমিষ্টাৰ ব্যৱস্থা আছে,এই ছেমিষ্টাৰ ব্যৱস্থাটো আৰম্ভণিৰ পৰাই নানা বিসংগতিৰে চলি আছে।'তেওঁ লগতে কয়-'এই ছেমিষ্টাৰ ব্যৱস্থাৰ ফলাফলত নানান খেলিমেলি দেখা গৈছে।যাৰ ফলত ব্যাপক হাৰত ছাত্ৰ ছাত্ৰীৰ বেক লাগিছে নতুবা ফলাফল 'with- held' আছে।নতুবা পৰীক্ষাত উপস্থিত থকাৰ পিছতো এক বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীক অনুপস্থিত দেখুৱাইছে।'


'এই ছেমিষ্টাৰ ব্যৱস্থাত পুনৰ মূল্যাংকনৰ ফলাফল কেতিয়া দিব,তাৰ কোনো ব্যৱস্থা নাই। তদুপৰি 'আৰটিআই' কৰিলে উত্তৰ বহীৰ ফটোকপি দিয়া নহয়-নাথে মন্তব্য কৰে। নাথে কয়-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছেমিষ্টাৰত আসোঁৱাহ আছে।এই ব্যাপক খেলিমেলিৰ বাবে কোন দায়ী?শিক্ষক আৰু আন্তঃগাঁথনিত যথেষ্ট খেলিমেলি আছে।সেইবোৰ প্ৰথমতে সংশোধন কৰক।'

আনহাতে, সংবাদমেলখনত উপস্থিত থাকি এছএফআইৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি কাশ্যপ চৌধুৰীয়ে কয়-ছেমিষ্টাৰ ব্যৱস্থাই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি ছাত্ৰ -ছাত্ৰীৰ অনীহা আনি দিছে।' প্ৰতিবছৰে যথেষ্টসংখ্যক ছাত্ৰ-ছাত্ৰীৰ বেক লাগে।কিন্তু,বেক উঠোৱাৰ বাবে বিশ্ববিদ্যালয়ে বৰ্তমানলৈকে কোনো বিশেষ পৰীক্ষাৰ অনুষ্ঠিত কৰা নাই।কিন্তু অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আদিত বেক উঠোৱাৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হয় বুলিও তেওঁ কয়। 

 

 চৌধুৰীয়ে লগতে কয়-' ইউজিচিৰ নিয়ম অনুসৰি এই ব্যৱস্থাত ৯০-১২০ দিন ক্লাছ হ'ব লাগে।কিন্তু, মহাবিদ্যালয়বোৰত ৪০-৫০ দিনতকৈ বেছি ক্লাছ নহয়। যাৰ ফলত পাঠ্যক্ৰম পঢ়াই শেষ নহয়।'

'ছেমিষ্টাৰ ব্যৱস্থাত নানান বেমেজালি চলি থকাৰ সময়তে এই শিক্ষাবৰ্ষত কাৰ্যকৰী হোৱাকৈ CBCS  অৰ্থাৎ Choice Based Credit System আনিছে। কিন্তু মহাবিদ্যালয়সমূহত অন্তঃগাঁথনি আৰু পৰ্য্যাপ্ত শিক্ষকৰ অভাৱত এইবোৰ সম্ভৱ নহ'ব ।যাৰ ফলত গোটেই ব্যৱস্থাটো ভেকোভাওনাত পৰিণত হৈছে বুলিও সভাপতি কাশ্যপ চৌধুৰীয়ে কয়।
     
 সংবাদমেলখনত তেওঁলোকে এই ব্যৱস্থাসমূহৰ বাবে কিছু মত দাঙি ধৰে। এই মতসমূহ হ'ল - ১) ফলাফল পৰীক্ষা শেষ হোৱাৰ ৪৫ দিনৰ ভিতৰত ঘোষণা কৰিব লাগিব। পুনৰ মূল্যাংকনৰ ফলাফলো ৪৫ দিনৰ ভিতৰতে ঘোষণা হ'ব লাগিব। 
২) গ্ৰেডিঙ ব্যৱস্থাৰ আসোঁৱাহ দূৰ কৰিব লাগিব। 
৩) পুনৰ মূল্যাংকনৰ তিনিস্তৰীয় ব্যৱস্থা উঠাই দিব লাগিব। 
৪) বেক উঠোৱাৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। 
৫) পুনৰ মূল্যাংকন সম্পূৰ্ণ বিনামূলীয়া কৰিব লাগিব ইত্যাদি। 


তেওঁলোকে আৰু কয় যে এই খেলিমেলিসমূহ জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্মাৰকপত্ৰ দিয়া হৈছিল। কিন্তু আচৰিত কথা যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।যি প্ৰমাণ কৰে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তথা চৰকাৰৰ পৰিকল্পিত প্ৰচেষ্টাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাব্যৱস্থা ধ্বংস কৰাৰ চক্ৰান্ত কৰিছে। 


 সেয়েহে এছএফআইৰ উদ্যোগত ৩০ আগষ্টত বিশ্ববিদ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও তেওঁলোকে জানিবলৈ দিয়ে।

Your Comments