'পাইলট প্ৰজেক্ট'ৰ বিৰোধিতা কৰা আমছুৱে এতিয়া এনআৰচিক স্বাগতম জনোৱাটোৱে এইটোৱেই বুজাইছে যে এখন অশুদ্ধ এনআৰচি প্ৰকাশ পাব।গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে এনআৰচি সম্পৰ্কত এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে হিন্দু জাগৰণ মঞ্চৰ প্ৰান্তীয় সভাপতি মৃণাল লস্কৰে।
এনআৰচিৰ ৰাজ্যিক সমন্বয়কক আক্ৰমণ কৰি তেওঁ কয়-'প্ৰতীক হাজেলাক office of the court মৰ্যাদা দিয়া হৈছে।সম্পূৰ্ণ স্বৈৰাতান্ত্ৰিকভাৱে আৰু উচ্চতম ন্যায়ালয়ক ঢাল হিচাপে ব্যৱহাৰ কৰি অসমবাসীক সম্পূৰ্ণ আন্ধাৰত ৰাখি বাংলাদেশীক অনুজ্ঞাপত্ৰ দিবলৈ ওলাইছে।জনসাধাৰণৰ দাবীক কোনো গুৰুত্ব দিয়া নাই হাজেলাই।'
তেওঁ লগতে প্ৰশ্ন কৰি কয়- 'কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত লাভ কৰা ১৪ শ কোটি টকাৰ আজি পৰ্যন্ত 'কেগ'ৰ তত্ত্বাৱধানত হিচাপ দাখিল কৰা নহ'ল কিয়?
এনআৰচিৰ ১০০% পুনঃনিৰীক্ষণ হ'ব লাগে বুলিও লস্কৰে সংবাদমেলৰ যোগে দাবী জনায়।অসমৰ ৰাইজৰ কাৰণে আইএমডিটি লেখীয়া আইন নহওঁক,তাৰে আশা কৰিছোঁ বুলি লস্কৰে কয়।
৩১ আগষ্টৰ পাছত এনআৰচিৰ আসোঁৱাহৰ তথ্য লৈ 'চিভিচি'ৰ কাষ চাপিব আৰু প্ৰয়োজন হ'লে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰে কাৰ্য্যালয় ঘেৰাও কৰা হ'ব বুলিও লস্কৰে সংবাদমেলত কয়।
- Log in to post comments
- 14 views