কংগ্ৰেছত গেলা-পঁচাবোৰ থাকি পৰিৱেশ প্ৰদূষণ কৰাতকৈ গুচি যোৱাই ভাল।মই তিনি তালাকৰ বিৰোধিতা কৰোঁ।গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকে।
সংসদৰ অধিৱেশনত মুঠ ২৬ টা প্ৰশ্ন উত্থাপন কৰিছো বুলি কৈ খালেকে কয় যে জনজাতিকৰণ,গড়াখহনীয়া, বৰপেটাৰ মাজেদি ৰেল চলাচল, অশোক কাগজ কল ইত্যাদি বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিলোঁ।
আনহাতে,এনআৰচিৰ কথা উল্লেখ কৰি তেওঁ কয় যে যিহেতু এনআৰচিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পাব,গতিকে 'ডি' ভোটাৰৰ হাৰাশাস্তি বন্ধ কৰিব লাগে।এই ডি ভোটাৰৰ অৱসান হ'ব লাগে।
প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়-ভুৱনেশ্বৰ কলিতাই যদি কংগ্ৰেছক বেয়া পায়,তেন্তে তেওঁ নিৰ্বাচন খেলিবই নালাগিছিল।ব্যক্তিগত সুবিধা আৰু স্বাৰ্থৰ কাৰণে কলিতা বিজেপিলৈ গুচি গ'ল।যদি কংগ্ৰেছ বেয়া,তেনেহ'লে লোকসভাত খেলিব নালাগিছিল।গেলা-পঁচাবোৰ থাকি পৰিৱেশ প্ৰদূষণ কৰাতকৈ গুচি যোৱাটো ভাল।
সাংসদ খালেকে কয়-তিনি তালাকৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ক স্বাগতম জনাইছোঁ।কিন্তু অনুচ্ছেদ ৪ বাতিল হ'ব লাগে।তিনি তালাকৰ মই বিৰোধী।কিন্তু, তিনি তালাক দিলে বুলিয়েই অকল মুছলমান লোকক অনুচ্ছেদ ৪ ৰ আধাৰত কাৰাগাৰলৈ প্ৰেৰণ কৰাটোৰো মই বিৰোধিতা কৰোঁ।
তেওঁ লগতে লয় যে এনআৰচিৰ ক্ষেত্ৰত চৰকাৰে নিজৰ বিষয়া-কৰ্মচাৰীসকলক বিশ্বাস নকৰে।তেওঁলোক অপদাৰ্থ চৰকাৰ নেকি? নিজৰ বিষয়া কৰ্মচাৰীক বিশ্বাসত ল'ব নোৱাৰে,তাৰ পিছত আকৌ পুনৰীক্ষণ বিচৰাটোৱে চৰকাৰৰ ফোঁপোলা চৰিত্ৰটো উদঙাই দিছে।
এনআৰচিৰ শুনানিত যাওঁতে দুৰ্ঘটনাত পতিত হোৱা লোকসকলক বৰ্তমানলৈকে আৰ্থিক সাহায্য দিয়া নাই চৰকাৰে। গতিকে দুৰ্ঘটনাত মৃত্যু হোৱা ৬ জন লোকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য প্ৰদানৰ বাবে দাবী জনাই খালেকে। আহতসকলকো সাহায্য প্ৰদানৰ দাবী জনায় খালেকে।
'কোনো বিদেশীক ভাৰতত ৰাখিব নালাগে,তেওঁলোকক বিদেশলৈ প্ৰেৰণ কৰিব লাগে। কিন্তু তেওঁলোকক ডিটেনচন কেম্পত ৰখাটো নিবিচাৰো। নাম বাদ পৰা সকলোবোৰ বিদেশী বুলি নাভাবো।এই চৰকাৰৰ দিনতে বিদেশী ঘোষিত হোৱাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ কাষ চপাত তেওঁলোক স্বদেশী বুলি পৰিণত হ'ল। এইখন চৰকাৰৰ দিনতে সেনা বিষয়াক বিদেশী সজোৱা হ'ল বুলিও সাংসদ গৰাকীয়ে মন্তব্য কৰে।
- Log in to post comments
- 121 views