নিউজ ডেস্ক:
জম্মু আৰু কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিল হোৱাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু অসমৰ তিনিগৰাকী সাংসদ ক্ৰমে দিলীপ শইকীয়া, তপন গগৈ আৰু কুইন ওজাই যৌথ সংবাদমেল সম্বোধন কৰে।
সংবাদমেলখনত নৱনিৰ্বাচিত তিনিওগৰাকী সাংসদে ব্যক্ত কৰিলে নিজৰ নিজৰ অভিজ্ঞতাৰ কথা।
সংবাদমেলখন সম্বোধন কৰি ৰঞ্জিত দাসে কয়-'অসম প্ৰদেশৰ লাখ লাখ কাৰ্যকৰ্তাৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ কোটি কোটি সদস্যৰ মন দুখেৰে ভৰি আছিল। সকলোৱে ৩৭০ অনুচ্ছেদ কাশ্মীৰৰ পৰা বাতিল হোৱাটো বিচাৰি আছিল। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে এক দেশ এক নিচান হোৱাটো বিচাৰিছিল।'
'কিছুমান ৰাজনৈতিক দলে মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে।কাশ্মীৰত গৈ অন্য প্ৰান্তৰ লোকেও এতিয়া ভাৰতীয় সন্তান হিচাপ গৌৰৱ কৰিব পাৰিব'-ৰাজ্যিক সভাপতিগৰাকীয়ে মন্তব্য কৰে।
৩৭০ এখন অস্থায়ী আইন আছিল।গতিকে অসমৰ লোককো বিৰোধীৰ কথাত ভোল নাযাবলৈ আহ্বান জনাই ৰঞ্জিত দাসে।
তেওঁ লগতে কয়-'সন্ত্ৰাসবাদ বৃদ্ধি হোৱাৰ মূল কাৰণ আছিল এই ৩৭০ ধাৰা।এই ধাৰা নির্মূলৰ জড়িয়তে সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদ নিৰ্মূল হ'ব।'
সংবাদমেলখনত উপস্থিত থকা নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া কয়-'এই ঐতিহাসিক ৩৭০ ধাৰা বন্ধ কৰাৰ সিদ্ধান্তৰ সোৱাদ প্ৰথমবাৰ সাংসদ হৈয়ে পালো। এই আইন আছিল অতি বৈষম্যমূলক। বহু বছৰ ধৰি এই বিষয়টো চৰ্চিত হৈ আছিল।পাকিস্তানে তৃতীয় পক্ষৰ দ্বাৰা জম্মু-কাশ্মীৰত হস্তক্ষেপ চলোৱাৰ চেষ্টা কৰি আছিল।এতিয়া এই সুযোগ পাকিস্তানক দিয়া নহ'ব। দেশৰ অন্য প্ৰান্তৰ লোকে লাভ কৰা সকলো অধিকাৰ জম্মু কাশ্মীৰৰ লোকে লাভ কৰিব।'
তেওঁ আৰু কয়-'৩৭০ নং অনুচ্ছেদটো বাতিল কৰাক লৈ ৭ লাখ কাশ্মীৰী পণ্ডিতৰ মুখত হাঁহি বিৰিঙিছে। প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে জম্মু কাশ্মীৰৰ একাংশ লোকৰ দাবী পূৰণ হ'ল।'
'জম্মু-কাশ্মীৰৰ ডেৰ কোটি নাগৰিকে ভাৰতৰ বাসিন্দা বুলি কোৱাৰ সুযোগ লাভ কৰিছে। জম্মু-কাশ্মীৰৰ বিষয়টোত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ নাথাকিব। জম্মু-কাশ্মীৰৰ ১২ খন জিলাৰ ৰাইজে নিজৰ মনৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব পাৰিব বিধানসভালৈ। তৰুণ গগৈ, ৰাহুল গান্ধীকে ধৰি একাংশ কংগ্ৰেছ নেতাৰ ওঠৰ ভাষা পাকিস্তানৰ লোকে কোৱা ভাষাৰ দৰে। গতিকে তেওঁলোকে নিজৰ ভাষা সলনি কৰিব লাগে-দিলীপ শইকীয়াই মন্তব্য কৰে।
সংবাদমেলখনত উপস্থিত থকা সাংসদ তপন গগৈয়ে কয়-এখন বৈষম্যমূলক আইন বাতিল কৰিবলৈ সক্ষম হ'ল। শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল নৰেন্দ্ৰ মোদী। লাদাডৰ সাংসদে কোৱাৰ দৰে তাৰ লোকে ৭২ টা বছৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কৰি আহিছিল।সেই সপোন আজি পূৰণ হ'ল।
- Log in to post comments
- 12 views