নিউজ ডেস্ক:
অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে এইবাৰ প্ৰদান কৰিব ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা। শুক্ৰবাৰে অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত এখন সংবাদমেলত এই কথা ঘোষণা কৰে অসম সাহিত্য সভাৰ সভাপতি ড0 পৰমানন্দ রাজবংশীয়ে। সংবাদমেলত সভাপতিগৰাকীয়ে কয়, "এইয়া আমাৰ প্ৰথম প্ৰচেষ্টা। ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক জাতীয় উদ্যোগ, এই উদ্যোগটোৰ লগত আমাৰ মাতৃভাষা জড়িত হৈ আছে। সেয়েহে ইয়াৰ সম্প্ৰসাৰণ আৰু নিৰাপত্তাৰ বাবে অসম চৰকাৰে শীঘ্ৰে ব্যৱস্থা ল'ব লাগে। সংবাদমেলত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশী, গোপাল জালানকে ধৰি বহু বিশিষ্ট ব্যক্তি। সংবাদমেলত তেওঁ কয়, ‘পোনপ্ৰথমবাৰৰ বাবে সাহিত্য সভাই ভ্ৰাম্যমাণ নাট্য পৰিমণ্ডলেৰে মৈত্ৰীবন্ধনৰ সহযোগত প্ৰদান কৰিব এই বঁটা। ১১ আগষ্টত দিনৰ ১১ বজাত নলবাৰীৰ নাট্য মন্দিৰত এই বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব । আনহাতে ইয়াৰ লগতে ২০১৮-১৯ বৰ্ষৰ নাট্যবৰ্ষৰ কেইবাগৰাকী নবীন প্ৰবীণ নাট্যশিল্পীক নাট্য সাহিত্য বঁটা, শ্ৰেষ্ঠ নাট্য দল, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালকৰ লগতে কেইবাটাও বঁটা প্ৰদান কৰা হ'ব বুলিও ৰাজবংশীয়ে সংবাদমেলত জনায়।
ৰাজবংশীয়ে জনায়, দৰ্শকক আমোদ দিয়াৰ বাবে তৰল নাট প্ৰদৰ্শন কৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব সাহিত্য সভাই। ইপিনে, "অসমীয়া ভাষাৰ প্ৰায় ৭ লাখ প্ৰাচীন নাটক বিলুপ্ত হৈ গৈছে" বুলিও উল্লেখ কৰে ৰাজবংশীয়ে। তেওঁ লগতে কয়"নাটকৰ পৰম্পৰাটো সুস্থ হিচাপে গঢ়িব নোৱাৰিলে নেতিবাচক দিশে গতি কৰিব"। তদুপৰি, "ভ্ৰাম্যমাণৰ নাটকসমূহ লিখিত ৰূপত ৰাখি নাট্য সাহিত্যক চহকী কৰিব লাগিব" বুলি উল্লেখ কৰি ৰাজবংশীয়ে লগতে কয়, "সেয়ে অসম সাহিত্য সভাই এই প্ৰচেষ্টা হাতত লৈছে I আনহাতে, নবীন নাট্যকাৰসকলক লৈ অতি সোনকালেই এক কৰ্মশালাৰ আয়োজন কৰিব বুলিও তেওঁ জনায়।
- Log in to post comments
- 15 views