এদিনীয়া শৃংখলা জয়ৰ লক্ষ্যৰে আজি প্ৰথমখন এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰত

gail

ৱেষ্ট ইণ্ডিজক তিনিখনীয়া 'টী২০' ক্ৰিকেট শৃংখলাত ৩-০ ব্যৱধানত ভাৰতে হোৱাইটৱাছ কৰাৰ পিছত আজিৰে পৰা কেৰিবিয়ানৰ বিৰুদ্ধে আৰম্ভ কৰিব তিনিখনীয়া এদিনীয়া শৃংখলা।আজি প্ৰথমখন খেল ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব।'টী২০' শৃংখলা দখল কৰা কোহলি বাহিনীয়ে এদিনীয়া শৃংখলাও হস্তগত কৰাৰ লক্ষ্যৰে আজি খেলত অৱতীৰ্ণ হ'ব।

ইফালে,ঘৰুৱা সমৰ্থকৰ আগত তিনিখনীয়া 'টী২০' শৃংখলাৰ এখন খেলতো জয়ী হ'ব নোৱাৰা কেৰিবিয়ান বাহিনী আজি খেলখনত জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। আজি ঘৰুৱা সমৰ্থকৰ আগত বিস্ফোৰক ক্ৰিছ গেইলে ৱেষ্ট ইণ্ডিজৰ হেৰোৱা ছন্দ ঘূৰাই আনিব পাৰিব নাই,তাৰ প্ৰমাণ ওলাব।

Your Comments