গুৱাহাটীত এইবাৰ ডব্লিউ ডব্লিউ ই-ৰ চুপাৰ ষ্টাৰ দ্য গ্ৰেট খালী

bob

নিউজ ডেস্ক:

ডব্লিউ ডব্লিউ ই-ৰ চুপাৰ ষ্টাৰ দ্য গ্ৰেট খালীয়ে বুধবাৰে গুৱাহাটীত বব ফিটনেছ একাডেমীৰ উদ্বোধন কৰে। মহানগৰীৰ হোটেল পেলেছিয়াত এক অনুষ্ঠানত একেডেমীৰ উদ্বোধন কৰা হয়। ইয়াত ২.৫ মাহৰ পৰা ৬ মাহলৈকে বিভিন্ন পাঠ্যক্ৰমসমূহ থাকিব। ইয়াত ২৫০০০০ টকাৰ পৰা আৰম্ভ কৰি ৪০ হাজাৰ টকালৈকে থাকিব নামভৰ্তিৰ মাছুল। বিশ্বৰ শৰীৰ চৰ্চা সংস্থাৰ প্ৰাক্তন সভাপতি  তথা বিশ্ব প্ৰসিদ্ধ ফিটনেছ গুৰু প্ৰদীপ বাবা মাধক একাডেমী খনৰ মুখ্য সঞ্চালক আৰু সৃষ্টিকৰ্তা হিচাপে আছে। যুটীয়া মুখ্য সঞ্চালক হিচাপে আছে নীলাক্ষি চৌধুৰী। এই একাডেমীখন উলুবাৰীৰ বি বৰুৱা পথত অৱস্থিত আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ জিম প্ৰশিক্ষককসকলে প্ৰশিক্ষণ দিব।

bob1

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খালীয়ে কয়, "মাধকক ধন্যবাদ জনাইছো ইমান সুন্দৰ পদক্ষেপ লোৱাৰ বাবে। শৰীৰ চৰ্চাৰ বাবে আগবাঢ়ি আহিলে মই বহুত সুখী হওঁ।" ২৫ বছৰ ধৰি একেৰাহে শৰীৰ চৰ্চা কৰি আহিছে বুলি তেওঁ জনায় আৰু লগতে কয়, "আমেৰিকাত থাকিও ভাৰতৰ প্ৰতি টান এটা থকাৰ বাবে ইয়ালৈ ঘুৰি আহিলো। ভাৰতৰ লগতে পঞ্জাৱৰ হৈও কিবা এটা কৰিবলগীয়া আছে।" তেওঁ আৰু কয়, "কিছুমান জিম হাউছ আছে য'ত ভাল প্ৰশিক্ষক নাথাকে। তেনে জিম হাউছত প্ৰশিক্ষণ ল'ব নালাগে। তেতিয়া শৰীৰৰ ক্ষতি হ'ব পাৰে। ভাল প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ ল'ব লাগে। জিম কৰিবলৈ ধৈৰ্য লাগিব। এদিন দুদিন কৰি এৰি দিলেই নহ'ব।"

"পঞ্জাৱ ড্ৰাগছৰ বৃহৎ ঘাটিলৈ পৰিণত হৈছে"- এইদৰে উল্লেখ কৰি খালীয়ে কয়, "ড্ৰাগছ আসক্ত বহু যুৱকক মোৰ জিম চেণ্টাৰ লৈ আনি শৰীৰ শিক্ষাৰ প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোক এতিয়া নিচাৰ পৰা মুক্ত হৈছে। ড্ৰাগছৰ নিচা ৰাতি খালে ৰাতিপুৱালৈ গুচি যাব। কিন্তু সেই নিচাটো যদি ড্ৰাগছৰ পৰিবৰ্তে ক্ৰীড়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে তেতিয়া জীৱনটো উন্নত হ'ব।" সংস্থাটোত ফিটনেছ প্ৰশিক্ষক,  আহাৰ বিশেষজ্ঞ, এৰবিক প্ৰশিক্ষক,  ক্ৰচফিট প্ৰশিক্ষক,  ঝুমবা প্ৰশিক্ষক,  যোগাসনৰ ডিপ্লোমা,  মধুমেহ শিক্ষককে আদি কৰি কিছুমান স্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে মাধকে।

Your Comments