কেৰিবিয়ানৰ বিৰুদ্ধে আজি অন্তিম 'টী২০','হোৱাইট ৱাছ'ৰ লক্ষ্য টিম ইণ্ডিয়াৰ

cri

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যোৱা শনিবাৰৰ পৰা আৰম্ভ হোৱা তিনিখনীয়া 'টী২০' শৃংখলাৰ আজি অন্তিমখন মেছত অৱতীৰ্ণ হ'ব ভাৰত। ইতিমধ্যে তিনিখনীয়া শৃংখলাৰ প্ৰথম দুখন খেলত জয়ী হৈ শৃংখলা হস্তগত কৰিছে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে।

ইফালে ঘৰুৱা সমৰ্থকৰ সন্মুখত প্ৰথম দুয়োখন মেছতে পৰাজয় বৰণ কৰা ৱেষ্ট ইণ্ডিজৰ বাবে আজি খেলখন হ'ব সন্মান ৰক্ষাৰ খেল।ইফালে প্ৰথম দুখন খেলত জয়ী হৈ আত্মবিশ্বাস বৃদ্ধি পাইছে ভাৰতীয় দলটোৰ।আজি খেলখনত ভাৰতীয় দলটোৰ মূল একাদশত বিশেষ সাল-সলনি নহ'ব। আজি ভাৰতীয় দলটোৱে শৃংখলা 'হোৱাইট ৱাছ' কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব।

Your Comments