ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন মেচতো জয়ী টিম ইণ্ডিয়া

khel

নিউজ ডেস্ক :
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ত্রিদলীয় টি২০ শৃংখলা দ্বিতীয়খন মেটছতো জয়ী হয় ভাৰত।দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন টি২০ খেলত ডাক ৱৰ্থ লুইছ পদ্ধতিত  কেৰিৱিয়ান দলটোক ২২ৰাণত পৰাস্ত কৰে কৌহলী বাহিনীয়ে। এই জয়েৰে ২-০ অগ্ৰগতি লাভ কৰে ভাৰতে।

উল্লেখ যে কালিৰ খেলখনত ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি অপেনাৰ ৰোহিত শৰ্মাৰ বিস্ফোৰক ৫১টা বলত ৬৭ৰাণেৰে নিৰ্ধাৰিত ২০অভাৰত পাঁচটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৬৭ৰাণ।ভাৰতীয় দলৰ হৈ ৰোহিত শৰ্মাৰ উপৰিও অধিনায়ক বিৰাট কৌহলী ২৮, শিখৰ ধাৱনৰ ২৩,কুৰ্ণাল পাণ্ডিয়া ২০(অপ) আৰু ৰবীন্দ্ৰ জাডেজাই অপৰাজিত থাকি ৯ৰাণ দললৈ আগবঢ়ায়।ইফালে কালিৰ খেল খনত নৱাগত ঋষভ পন্ট ৪ আৰু মনিশ পাণ্ডে ৬ ৰাণতে ইনিংছ সামৰে। ৱেষ্ট ইণ্ডিজৰ হৈ অচেন থমাছ আৰু শ্বেডন কট্ৰেলে লাভ কৰে দুটাকৈ উইকেত।

প্ৰত্যুত্তৰত ১৬৮লক্ষ্য আগত লৈ ক্ৰিজত নমা ৱেষ্ট ইণ্ডিজৰ দলটোৱে ১৫.৩ অভাৰত ৯৮ ৰাণ চাৰি উইকেটৰ বিনিময়ত সংগ্ৰহ কৰোতে কৰোতেই বৰষুণ আহে,ফলত খেল স্থগিত ৰাখিব লগীয়া হয়।পাছত বৰষুণ বন্ধ নোহোৱাত ভাৰতীয় দলটোক ডাক ৱৰ্থ লুইছ পদ্ধতিত জয়ী ঘোষণা কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ ৰভমেন প'ৱেলে দললৈ সৰ্বাধিক ৫৪ ৰাণৰ অৰিহণা যোগায়।ভাৰতীয় দলৰ হৈ বলিংত কুৰ্ণাল পাণ্ডিয়াই  দুটাকৈ উইকেট দখল কৰি খেল খনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

Your Comments