প্ৰাক্তন ক্ৰিকেটাৰসকলৰ পৰাও সমালোচনাৰ সন্মুখীন হ’ল ৰবি শাস্ত্ৰী-বিৰাট ক’হলি ৷ প্ৰথমখন টেষ্টত পৰাজয়ৰ পিছত দ্বিতীয়খন টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ শোচনীয় পৰাজয় ৷
প্ৰথমখন টেষ্টত ৩১ ৰাণত হৰাৰ পিছত দ্বিতীয়খন টেষ্টত এক ইনিংছ আৰু ১৫৯ ৰাণত পৰাজিত হ’বলগা ঘটনাই ভাৰতীয় ক্ৰিকেটত এক সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিছে ৷
বহু প্ৰশ্নৰ সন্মুখীন হৈছে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু অধিনায়ক বিৰাট ক’হলি ৷ শোচনীয় প্ৰদৰ্শনৰ বাবে বীৰেন্দ্ৰ ছেহৱাগ, বিষেণ সিং বেদী, ভি ভি এছ লক্ষ্মণ, ফাৰুক ইঞ্জিনীয়াৰৰ লগতে বহুকেইজনে বিৰাট বাহিনীক সমালোচনাৰে থকা-সৰকা কৰিছে ৷
শনিবাৰে নাটিংহামত তৃতীয় টেষ্ট আৰম্ভ হ’ব ৷ তৃতীয় টেষ্ট হাৰিলে শৃংখলা হেৰুৱাব ভাৰতে ৷ পাঁচখন টেষ্টৰ দুখনতে পৰাজয় ৷ তৃতীয় টেষ্টৰ ওপৰতেই বি চি চি আইৰ পদক্ষেপ স্পষ্ট হ’ব ৷
তীব্ৰ সমালোচনাৰ মাজতে অধিনায়ক বিৰাট ক’হলিৰ মুলকি মন্তব্য- ‘আমি কেতিয়াও প্ৰচেষ্টা এৰি নিদিওঁ৷ কেতিয়াবা আমি জয়লাভ কৰিছোঁ, কেতিয়াবা পৰাজিত হৈছোঁ ৷ কিন্তু আমি কেতিয়াও প্ৰচেষ্টা এৰি দিয়া নাই৷
আমি কথা দিছোঁ, আমি আগুৱাই যাম আৰু ওপৰলৈ যাম ৷’ দ্বিতীয় টেষ্টৰ পিছত বিৰাট ক’হলিয়ে তেওঁৰ সমৰ্থকসকলক উদ্দেশ্য কৰি ক’লে, ‘আমি আমাৰ ভুলবিলাক মানি ল’ব লাগিব, তাৰ পৰা শিক্ষা ল’ব লাগিব ৷
লগে লগে এইটোও নিশ্চিত কৰিব লাগিব যাতে ভুল আৰু কৰা নহয় ৷ এতিয়া আমাৰ লক্ষ্য শৃংখলা ২-১ কৰাৰ ৷ এতিয়াৰ পৰা উভতি ধৰাৰ সময় ৷ আমি অধিক ৰাণ কৰাৰ সকলো সুযোগ গ্ৰহণ কৰিব লাগিব ৷
দুখৰ বিষয়টো হ’ল বল আৰু বেট দুয়োটা সমানভাৱে আগুৱাই নিয়াত আমি বিফল হৈছোঁ ৷' লৰ্ডছৰ টেষ্টত শোচনীয় পৰাজয়ে ভাৰতীয় দলৰ লগতে বিৰাট ক’হলিৰো স্থান নিম্নগামী কৰিছে ৷
- Log in to post comments
- 9 views