বিশ্বকাপৰ পৰাজয় পাহৰি কেৰিবিয়ানৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ টিম ইণ্ডিয়াৰ

criket

নিউজ ডেস্ক :

আই চি চি বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হৈ শৃংখলাৰ পৰা বাহিৰ হোৱা ভাৰতে পুনৰ জয়েৰে আৰম্ভ কৰিছে অভিযান।ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি২০ শৃংখলাৰ আৰম্ভণি মেছত শনিবাৰে বিৰাট কৌহলি নেতৃত্বাধীন ভাৰতীয় দলটোৰ ৪উইকেটত জয়ী হয়।প্ৰথমে টচত জয়ী হৈ আয়োজক দেশ ৱেষ্ট ইণ্ডিজক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতৰ আক্ৰমণাত্মক বলিংত  ২০অভাৰত ৱেষ্ট ইণ্ডিজ দলটোৱে ৯উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ৯৫ৰাণ।কেৰিবিয়ান দলটোৰ হৈ  কিৰণ পোলাডে ৪৯ৰাণ, উইকেট ৰক্ষক নিকলাছ পুৰণে ২০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ অন্য খেলুৱৈ সকলৰ তিনিগৰাকীয়ে শূন্যত আউট হোৱাৰ বিপৰীতে বাকী সকলে দহকৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম নহল।ভাৰতীয় দলৰ হৈ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অভিশেষ ঘটা নৱদ্বীপ চানিয়ে ১৭ৰাণৰ বিনিময়ত লাভ কৰে তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেত।ইয়াৰ উপৰিও ভুৱনেশ্বৰ কুমাৰে দুটা , ৱাছিংটন সুন্দৰ,খলিল আহমেদ, কুৰ্ণাল পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেত দখল কৰে।

ইফালে ৯৬ৰাণৰ লক্ষ্য আগত লৈ  ক্ৰিজত নমা টিম ইণ্ডিয়াইয়ো জয়ৰ লক্ষ্যত উপনীত হ'বলৈ ৬টাকৈ উইকেত হেৰোৱাব লগা হয়।আঘাতৰ বাবে বিশ্বকাপ ক্ৰিকেটৰ পৰা আধাতে বাহিৰ হোৱা আৰম্ভণি বেটছমেন শিখৰ ধাৱনে ১ৰাণ আৰু উইকেট ৰক্ষক ঋষভ পণ্ট(০) ৰাণ কৰি সম্পূৰ্ণ ব্যৰ্থ হৈ উভতি আহিবলগীয়া হয়। ইফালে দললৈ  বিস্ফোৰক অপেনাৰ ৰোহিত শৰ্মাই ২৪, অধিনায়ক কৌহলিয়ে১৯,মনিশ পাণ্ডে১৯, কুৰ্ণাল পাণ্ডিয়াই ১২,ৰবীন্দ্ৰ জাদেজাই ১০(অপ), ৱাছিংটন সুন্দৰে ৮(অপ) ৰাণ সংগ্ৰহ কৰিব সক্ষম হয়। ইফালে ৱেষ্ট ইণ্ডিজৰ হৈ বলিংত সুনীল নাৰিন, কেমা পল,চেলদ্ৰণ কট্ৰেলে লাভ কৰে দুটাকৈ উইকেত।

আনহাতে অভিশেষ খেলতে ভাৰতীয় দলৰ হৈ তিনিটা উইকেত দখল কৰা নৱদ্বীপ ছানিক প্ৰদান কৰা হয় মেন অৱ দ্য মেচৰ সন্মান।

Your Comments