নিউজ ডেস্ক :
এন আৰ চিয়ে সমস্যাৰ সমাধান কৰাৰ পৰিবৰ্তে সমস্যাৰ সৃষ্টিহে কৰিব।
বিজেপিয়ে এন আৰ চিৰ সমস্যাতো সমাধান হোৱাটো নিবিচাৰে।
এন আৰ চি খন অসমতে বিফল হ'লে সমগ্র ভাৰতত কেনেকৈ সফল হ'ব ?
হিমন্ত বিশ্ব শৰ্মাক আমিয়েই মন্ত্ৰী বনাইছিলোঁ কিন্তু হিমন্তই আমাক ঠগিলে।
আজি বিধায়ক আবাসত এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সংবাদমেলখনত তেওঁ কয় " এখন বিদেশী মুক্ত অসমৰ বাবে এন আৰ চি খন আমাৰ দিনতে আৰম্ভ কৰিছিলোঁ। যদিও এইটো কেন্দ্ৰীয় চৰকাৰৰ কাম আছিল। এন আৰ চিৰ বাবে প্ৰতীক হাজেলাক নিযুক্তি দিয়া হৈছিল। কিন্তু এন আৰ চিক লৈ সোনোৱাল চৰকাৰে যেনেদৰে গুৰুত্ব দিব লাগিছিল তেনেদৰে গুৰুত্ব দিয়া নাই।"
" যদিও এন আৰ চিৰ কাম সমূহ কেন্দ্ৰীয় চৰকাৰৰ হয় কিন্তু ইয়াত ৰাজ্য চৰকাৰৰ ভূমিকাও গুৰুত্বপূৰ্ণ। কাৰণ এন আৰ চিখন কাৰ্যকৰী ৰাজ্য চৰকাৰেহে কৰিব লাগিব। আৰু তাত প্ৰকৃত ভাৰতীয়ৰ নাম সোমাইছেনে বিদেশীৰ নাম সোমাইছে সেয়াও ৰাজ্য চৰকাৰে নিৰীক্ষণ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।"
" কিন্তু এতিয়া বিজেপিৰ চৰকাৰ খনে এন আৰ চিক লৈ যি ওলোটা খৰ মাৰিছে তাত আমাৰ সন্দেহ আছে যে বিজেপিয়ে কেতিয়াও এন আৰ চিৰ সমস্যাটো সমাধান হোৱাটো নিবিচাৰে। এই এন আৰ চিখনে সমস্যাৰ সমাধান কৰাৰ পৰিবৰ্তে সমস্যাৰ সৃষ্টিহে কৰিছে আৰু আগতে কোৱাৰ দৰে এন আৰ চিখন এখন পেলনীয়া কাগজহে হ'ব বুলিও তেওঁ কয়।"
তেওঁ লগতে কয় যে " যি সকল বিষয়ৰ বাবে এন আৰ চিত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰি অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট হৈছে তাৰ তদন্ত কৰি সেই সকলক উচিত শাস্তি দিব লাগে।"
"হাজেলাই যদি ভুল কৰিছে তেনেহলে এতিয়ালৈকে অমিত শ্বাহৰ গৃহ বিভাগে কিয় মনে মনে বহি আছে ? প্ৰতীক হাজেলাই ভুল কৰিবলৈ সাহস ক'ত পালে? হাজেলাৰ কামত যদি গৃহ বিভাগ অসন্তুষ্ট হৈছে তেনেহলে তেওঁক সলনি নকৰে কিয় বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে অমিত স্বাহক প্ৰশ্ন কৰে।
" এন আৰ চিখন এতিয়া ভেকোভাওনাত পৰিণত হৈছে। অসমত এন আৰ চি খনক পাঁচ বছৰ সময় লাগিল। গতিকে এই এন আৰ চি খন সমগ্ৰ ভাৰতত হ'বলৈ কিমান দিন লাগিব তাৰ হিচাপ নাই। এন আৰ চি ৰ ক্ষেত্ৰত অমিত স্বাহৰ গৃহ বিভাগ বিফল হৈছে বুলিও তেওঁ মন্তব্য কৰে।"
আনহাতে কংগ্ৰেছ দলৰ কথা উল্লেখ কৰি তেওঁ কয় যে " বেলেগ দলৰ তুলনাত কংগ্ৰেছত অনুশাসন কম। কেতিয়াবা নিৰ্বাচনত টিকট দিয়াত আমাৰো ভুল হয়। হিমন্ত বিশ্ব শৰ্মাক টিকট দি আমিয়েই মন্ত্ৰী বনালো কিন্তু হিমন্তই আমাকে ঠগিলে। তাৰ বাবে মই জগৰীয়া নহয়। "
" কংগ্ৰেছত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নহয় । হোৱা হলে তৰুণ গগৈক আজি কোনেও চিনিয়েই নাপালে হেঁতেন বুলিও সংবাদমেলখনত তেওঁ মন্তব্য কৰে। "
তেওঁ লগতে কয় যে" বিজেপিক প্ৰতিহত কৰিবলৈ মই সকলোৰে লগত মিত্ৰতা কৰিবলৈ সাজু আছোঁ। সময়ত দৰকাৰ হলে বদৰুদ্দিনৰ লগতো মিত্ৰতা কৰিম। মিত্ৰতাৰ বাবে অগপৰ লগত কথা পাতিবলৈও মই সাজু আছোঁ।
- Log in to post comments
- 12 views