অসমৰ বানাক্ৰান্তৰ বাবে হাৰিয়ানা চৰকাৰৰ ৫ কোটি টকাৰ আৰ্থিক সাহায্য

khattar

অসমৰ বানাক্ৰান্তৰ বাবে হাৰিয়ানা চৰকাৰে আগবঢ়াইছে আৰ্থিক সাহায্য।মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৃহস্পতিবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খত্তৰে আগবঢ়াইছে ৫ কোটি টকাৰ সাহায্য।মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই বাৰ্তা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে।

ইফালে,সাহায্য পুঁজি আগবঢ়োৱাৰ বাবে হাৰিয়ানা চৰকাৰক ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Your Comments