আমিনুল হক লস্কৰ অসম বিধান সভাৰ নতুন উপাধ্যক্ষ

aaminul haque

নিউজ ডেস্ক :

আজি অসম বিধানসভাৰ নতুন উপাধ্যক্ষ নিৰ্বাচিত কৰা হয়।সোনাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰক মনোনীত কৰা হয় অসম বিধানসভাৰ  নতুন উপাধ্যক্ষ হিচাপে।এই কথা বিধানসভাত আনুষ্ঠানিক ভাৱে ঘোষণা কৰে বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

ইফালে নতুন উপাধ্যক্ষ গৰাকী নিৰ্বাচিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিধানসভালৈ নৱনিৰ্বাচিত উপাধ্যক্ষ গৰাকীক আদৰণি জনায়।

উল্লেখ যে ইয়াৰ পূৰ্বে উপাধ্যক্ষ আসনত আছিল ৰাতাবাৰী সমষ্টিৰ বিজেপি বিধায়ক কৃপানাথ মাল্লা।কিন্তু যোৱা লোকসভা নিৰ্বাচনত মাল্লা কৰিমগঞ্জৰ লোকসভাৰ সমষ্টিৰ পৰা সংসদললৈ নিৰ্বাচিত হৈ যোৱাৰ পিছৰে পৰাই খালি হৈ আছিল উপাধ্যক্ষৰ আসনখন।

Your Comments