নিউজ ডেস্ক :
বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত দাসে এখন সংবাদমেল আয়োজন কৰি বহুকেইটা বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
সংবাদমেলখন সম্বোধন কৰি তেওঁ কয় শেহতীয়া বানপানীৰ সময়ত বিজেপিৰ ৭০হেজাৰ কৰ্মকতাই ৰাজ্যৰ বানপীড়িত লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে। বানপীড়িত সকলক সহায় কৰাৰ বাবে অসম চৰকাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৭০হাজাৰ কার্যকৰ্তাক তেওঁ ধন্যবাদ জনায়।
বিজেপিৰ ৰাষ্ট্রীয় সমিতিৰ ফালৰ পৰা কেইবাখনো ট্ৰেইনত বান সাহায্য আহি আছে বুলি তেওঁ সংবাদমেল খনত জানিবলৈ দিয়াৰ লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিটো বহু লোকে বান সাহায্য দিছে বুলিও জানিবলৈ দিয়ে।
আনহাতে মঙ্গলবাৰে ৰাজ্য সভাত তিনি তালাক বিল খন পাছ হোৱাৰ বাবে কেন্দ্ৰীয় আইন মন্ত্ৰীক তেওঁ ধন্যবাদ জনোৱাৰ লগতে এই বিল খনক বহু ইছলাম ধৰ্মী লোকে সমৰ্থন জনাইছে বুলিও ৰাজ্যিক সভাপতি গৰাকীয়ে মত ব্যক্ত কৰে।
অসমত বিগত দিনত বান পৰিস্থিতি সুচল নোহোৱাৰ বাবে বিধানসভাৰ হবলগীয়া উপ নিৰ্বাচনৰ কাম সমূহ বন্ধ হৈ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া যিহেতু বান পৰিস্থিতি ভাললৈ আহিছে সেয়েহে আগষ্ট মাহৰ ১ তাৰিখৰ পৰা পুনৰ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰা হ'ব বুলিও তেওঁ কয়।
তেওঁ লগতে কয় এই উপ নিৰ্বাচনৰ বাবে চাৰিওটা সমষ্টিতে একোখনকৈ নিৰ্বাচন প্ৰবন্ধ উপ সমিতি দলটোৱে ইতিমধ্যে গঠন কৰিছে বুলিও জানিব দিয়ে।
এই উপ-নিৰ্বাচনত মিত্ৰতাৰ কোনো প্ৰসংগ নাহে বুলি উল্লেখ কৰি তেওঁ কয় বিপিএফ আৰু অগপই বিজেপিৰ প্ৰাৰ্থীকে সমৰ্থন জনাব।
ইফালে অহা ১০ আৰু ১১ আগষ্ট তাৰিখে চৰকাৰী কাৰ্যসূচীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বুলিও সংবাদমেল খনত ৰঞ্জিত দাসে জানিবলৈ দিয়ে ।
- Log in to post comments
- 10 views