নিউজ ডেস্ক:
ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আবেদন কৰিছে লালচান্দ ৰাজপুতে। উল্লেখ্য যে ৰাজপুত ২০০৭ চনৰ 'টি২০' বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ মেনেজাৰ আছিল। তেওঁ পূৰ্বে আফগানিস্তান আৰু জিম্বাব'ৱে ক্ৰিকেট দলৰ প্ৰশিক্ষক আছিল।
কপিল দেৱ, অংশুমান গাইকোৱাড় আৰু শান্তা ৰংগাস্বামীৰে গঠিত বিচিচিআইৰ ক্ৰিকেট পৰামৰ্শদাতা সমিতিয়ে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক, বেটিং প্ৰশিক্ষক, বলিং প্ৰশিক্ষককে ধৰি বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষকক নিযুক্তি দিব।
- Log in to post comments
- 15 views