নিউজ ডেস্ক :
ৰাজ্যকঁপাই যোৱা গুৱাহাটীৰ কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ আজি প্ৰদান কৰা হ'ল চূড়ান্ত ৰায়দান।কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে লোমহৰ্ষক হত্যাকাণ্ডটোৰ মংগলবাৰে প্ৰদান কৰিলে চূড়ান্ত ৰায়দান।সেই অনুসৰি হত্যাকাণ্ডৰ সংঘটিত কৰা শ্বেতা আগৱালাৰ বন্ধু প্ৰেমিক গোবিন্দ সিংঘালৰ লগতে হত্যাকাণ্ডটোত গোবিন্দক সহায় কৰাৰ অপৰাধত গোবিন্দৰ মাতৃ আৰু ভগ্নীকো আদলতে দোষী সাব্যস্ত কৰে। ২০জন সাক্ষীৰ সাক্ষৰ ভিত্তিত আজি আদালতে তিনিও অভিযুক্তক দোষী সাব্যস্ত কৰে। ইফালে অভিযুক্ত পক্ষৰ হৈয়ো আদালতত তিনিজনে সাক্ষ্য প্ৰদান কৰিছিল।
আনহাতে তিনিও অভিযুক্তক আদালতে দোষী সাব্যস্ত কৰাৰ পাছত মেধাৱী ছাত্ৰী গৰাকীৰ পিতৃয়ে দোষীক ফাঁচী দিব লাগে বুলি দাবী কৰে। আদালতে অহা বুধবাৰে তিনিও দোষীৰ শাস্তি ঘোষণা কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ২০১৭ চনৰ ৪ডিচেম্বৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক বন্ধু(প্রেমিক !) গোবিন্দ সিংঘালে ভৰলুমুখৰ ঘৰত হত্যা কৰিছিল। তাৰ পাছতে সমগ্ৰ ঘটনাটোৰ লুকুৱাবৰ বাবে গোবিন্দ সিংঘালে মেধাৱী ছাত্ৰী গৰাকীৰ মৃতদেহতো ঘৰৰ বাৰ্থৰূমতে জ্বলাই দিছিল। পাছত মৃতদেহতো অগ্নিদগ্ধ অৱস্থাত প্ৰশাসনৰ সহযোগত ওচৰ চুবুৰীয়াই উদ্ধাৰ কৰিছিল।
ইফালে সমগ্ৰ ঘটনাটোৰ তদন্তকাৰী ভৰলুমুখ আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দ সিংঘালক গ্ৰেপ্তাৰ কৰি জেৰা কৰোতে আৰক্ষীৰ সন্মুখত তেওঁৱেই যে মেধাৱী ছাত্ৰী গৰাকীক হত্যা কৰিছিল সেই কথা স্বীকাৰ কৰিছিল। লগতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল গোবিন্দই মেধাৱী ছাত্ৰী গৰাকীক হত্যা কৰাৰ সময়ত তেওঁক হত্যাকাণ্ডটোত সহায় কৰিছিল মাক আৰু বায়েকেও। ফলত তদন্তকাৰী আৰক্ষীয়ে অভিযোগনামাত মূলঅভিযুক্ত গোবিন্দ সিংঘাল(২১), মাতৃ কমলা দেবী(৪৮) আৰু বায়েক ভৱানী সিংঘাল(২৩)ৰ নামো সন্নিবিষ্ট কৰিছিল।
উল্লেখ্য যে ২০১৭চনৰ উক্ত দিনটোত গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা পৰীক্ষাৰ দি বাহিৰে বাহিৰে বন্ধু গোবিন্দ ঘৰলৈ যোৱা মেধাৱী শ্বেতাই ২০১৫ বর্ষত গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বর্ষত বাণিজ্যিক শাখাত অসমৰ ভিতৰতে প্ৰথম স্থানত উত্তীৰ্ণ হৈছিল।
ইফালে আদালতে আটাইকেইটা অভিযুক্তকে দোষী সাব্যস্ত কৰাত মেধাৱী ছাত্ৰী গৰাকীৰ বন্ধু-বান্ধৱী লগতে শুভাকাংশী সকলে আদালতৰ এই ৰায়ক আদৰণি জনাইছে।লগতে সকলোৱে তিনিওজন দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি লাভ কৰাৰ কামনা কৰিছে।
- Log in to post comments
- 88 views