নিউজ ডেস্ক:
ভাৰতীয় ক্ৰীড়া জগতৰ বাবে আন এটা সুখবৰ। ইন্দোনেছিয়াত চলি থকা 'প্ৰেচিডেন্টছ কাপ"ত সোণৰ পদক অৰ্জন কৰে ভাৰতীয় মহিলা বক্সাৰ মেৰীকমে। ছয়বাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ বক্সাৰ গৰাকীয়ে দেওবাৰে "প্ৰেচিডেন্টছ কাপ"ৰ ৫১ কেজি শাখাত বিপক্ষক ধৰাশায়ী কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখ যে ২৩ সংখ্যক "প্ৰেচিডেন্টছ কাপ"ৰ ফাইনেল খেলখনত মেৰীকমৰ প্ৰতিপক্ষ আছিল অষ্ট্ৰেলিয়াৰ এপ্ৰিল ফ্ৰেংক। প্ৰতিপক্ষক ৫-০ ছেটত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ভাৰতীয় বক্সাৰ মেৰীকমে।
- Log in to post comments
- 7 views