নিউজ ডেস্ক:
আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটক বিদায় জনালে শ্ৰীলংকাৰ 'য়ৰ্কাৰ কিং' হিচাপে পৰিচিত লাচিথ মালিঙ্গাই। ৩৫ বছৰীয়া শ্ৰীলংকান পেছ বলাৰ গৰাকীয়ে এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ শেষৰখন মেচ শুক্ৰবাৰে বাংলাদেশৰ বিৰুদ্ধে খেলি এদিনীয়া ক্ৰিকেটৰ কেৰিয়াৰৰ সামৰণি ঘোষণা কৰে। এদিনীয়া ক্ৰিকেটৰ শেষৰখন খেলত শ্ৰীলংকা দলটোক ৯১ৰাণত জয়ী কৰায় মালিঙ্গাই। যত মালিঙ্গা ৯.৪ অভাৰত ৩৮ ৰাণৰ বিনিময়ত লাভ কৰে তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট। তাৰ ভিতৰত বাংলাদেশৰ অন্তিমটো উইকেটো শুক্ৰবাৰৰ খেলখনত দখল কৰে বিদায়ী বলাৰ গৰাকীয়ে।
উল্লেখ্য যে শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেটত মালিঙ্গাই ২২৬ খন মেচত অংশগ্ৰহণ কৰি অৱসৰ সময়লৈকে লাভ কৰিলে ৩৩৮ টা উইকেট। গুৰুত্বপূৰ্ণ কথা এই যে শ্ৰীলংকাৰ এদিনীয়াৰ ক্ৰিকেটত মালিঙ্গা হৈছে তৃতীয়গৰাকী সৰ্বাধিক উইকেট দখল কৰা বলাৰ। ২০০৪ চনত শ্ৰীলংকাৰ দলৰ হৈ এদিনীয়া ক্ৰিকেটৰ আৰম্ভণি ঘটোৱা মালিঙ্গাই অৱসৰ গ্ৰহণ কৰি কয়, '১৫ বছৰীয়া ক্ৰিকেট জীৱনত দেশৰ হৈ খেলিবলৈ পাই মই সুখী। মোৰ এই ক্রিকেট জীৱনত সকলো অনুৰাগী তথা শুভাকাংক্ষীক ধন্যবাদ জনাইছোঁ। মই ভাবো মোৰ অৱসৰৰ এয়াই উপযুক্ত সময়। কাৰণ, ২০২৩ চনৰ বিশ্বকাপলৈ জাতীয় দললৈ নতুন প্ৰজন্মক উলিয়াই আনিবলৈ হ’লে মই মোৰ নিজৰ স্থান এৰি দিয়াটো অতি প্ৰয়োজন। অৱশ্যে এদিনীয়া ক্ৰিকেটত মালিঙ্গাই কেৰিয়াৰৰ সামৰণি মাৰিলেও টি২০ ক্ৰিকেটত তেওঁ দেশৰ হৈ খেলি যাব বুলি জানিবলৈ দিয়ে।
- Log in to post comments
- 29 views