ধোনীলৈ বিশেষ সন্মান:এম এছৰ অৱসৰৰ পিছত ৭ নম্বৰ জাৰ্চি কোনো ক্ৰিকেট খেলুৱৈয়ে পৰিধান কৰিব নোৱাৰিব

dhoni

ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী সফল অধিনায়ক তথা ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান সময়ৰ সবাতোকৈ জ্যেষ্ঠ খেলুৱৈ মহেন্দ্ৰ সিং ধোনী। মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ সকলোতে চর্চা চলি থকাৰ সময়তে ভাৰতীয় ক্ৰিকেট দলে ধোনীক দিব বিচাৰিছে বিশেষ সন্মান।সেই অনুসৰি ধোনীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ ৭ নম্বৰ জাৰ্চি কোনো ক্ৰিকেট খেলুৱৈয়ে পৰিধান কৰিব নোৱাৰিব। উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট বর্ডে এই সম্মান আগবঢ়াইছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক।


উল্লেখ্য যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ২০২০ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব লগা 'টি২০' ক্ৰিকেট বিশ্বকাপৰ পিছতে মহেন্দ্ৰ সিং ধোনীয়ে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব।এই সম্পৰ্কত কিন্তু এতিয়ালৈকে ধোনীয়ে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।


ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে ধোনীৰ নেতৃত্বতে প্ৰথমবাৰৰ বাবে ২০০৭ চনত 'টি২০' ক্ৰিকেট বিশ্বকাপ, ২০১১চনত আইচিচি ক্ৰিকেট বিশ্বকাপ আৰু ২০১৩ চনত আইচিচি চেম্পিয়নছ ট্ৰফী ভাৰতীয় দলে দখল কৰিছিল।


আনহাতে,এম এছ ধোনী বৰ্তমান দুটা মাহৰ বাবে ব্যস্ত ভাৰতীয় সেনাবাহিনীত সেৱা প্ৰদান কৰাত।

Your Comments