অষ্ট্ৰেলিয়াত অহা বৰ্ষৰ ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব 'টি২০' বিশ্বকাপ

t20

নিউজ ডেস্ক:
অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব লগা 'টি২০' বিশ্বকাপ ক্ৰিকেটৰ সময়সূচী প্ৰকাশ কৰিলে আইচিচিয়ে।সেই অনুসৰি অহা বর্ষৰ ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব টুৰ্ণামেণ্টখন।উল্লেখ্য যে মুঠ ১২ টা দলে অংশগ্ৰহণ কৰিব টুৰ্ণামেণ্টখনত।তাৰ ভিতৰত শ্ৰীলংকা আৰু বাংলাদেশে খেলিব লাগিব কোৱালিফাইং মেচ। 

উল্লেখ্য যে এইবাৰ প্ৰতিযোগিতাখনত দুটা গ্রুপত অনুষ্ঠিত হ'ব খেলসমূহ।প্ৰতিটো গ্রুপত মুঠ ছয়টাকৈ টিম থাকিব।সেই অনুসৰি গ্ৰুপ পৰ্যায়ত ভাৰত আৰু পাকিস্তান থাকিব পৃথকে পৃথকে।

বিশ্বকাপত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱৰ্তীণ হ'ব পাৰ্থ ষ্টেডিয়ামত, ২৪ অক্টোবৰত।

আনহাতে টুৰ্ণামেণ্টখনৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব মেলবৰ্ণত।

Your Comments