পোন্ধৰ দিনত দেশলৈ চতুৰ্থতো স্বৰ্ণ আনিলে হিমা দাসে

hima

নিউজ ডেস্ক:
চেক গণৰাজ্যত অসম কন্যা হিমা দাসৰ  স্বপ্নৰ দৌৰ  অব্যাহত আছে।যোৱা ২ জুলাইত প্ৰথমটো স্বৰ্ণজয় কৰাৰ পিছত ১৭ জুলাইত ধিং এক্সপ্ৰেছ হিমাই লাভ কৰিছে ট্ৰেকত চতুৰ্থতো স্বৰ্ণ।চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ এথলেটিকছ মিটত ২০০মিটাৰ শাখাত হিমাই লাভ কৰিছে স্বৰ্ণ পদক।২৩.২৫চেকেণ্ডত হিমাই সম্পূৰ্ণ কৰে দৌৰ। 

উল্লেখ্য যে বৰ্তমান ২০০মিটাৰ শাখাত হিমাৰ প্ৰদৰ্শন পূৰ্বতকৈ বহুখিনি উন্নত হৈছে।

Your Comments