ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙৰ বাবেও আদৰ্শ এম এছ ধোনী

dhoni

নিউজ ডেস্ক:
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী কেৱল যুৱ ক্ৰিকেটাৰসকলৰে আদৰ্শ নহয়, তেওঁ অন্য খেলৰ খেলুৱৈৰো আদৰ্শ আৰু প্ৰেৰণাৰ উৎস। ধোনী ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলৰ কেপ্তেইন মনপ্ৰীত সিঙৰ বাবেও আদৰ্শ। সিঙে কয় যে অধিনায়ক ধোনী তেওঁৰ বাবে আদৰ্শ। খেলপথাৰত ধোনী শান্ত হৈ থাকে আৰু ইয়াৰ বাবেই তেওঁৰ সিদ্ধান্তসমূহো সঠিক হয়। ধোনীয়ে খেলুৱৈসকলৰ সৈতে কথা পাতি তেওঁলোকক উৎসাহিত কৰি থাকে।

মনপ্ৰীত সিঙে কয়-ময়ো খেলপথাৰত এম এছ ধোনীৰ নিচিনা আচৰণ কৰিবলৈ বিচাৰোঁ।

Your Comments