হাইলাকান্দিত বানৰ সংহাৰী ৰূপ:প্লাৱিত বহু গাঁও

haila-fld

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী

বৰাক উপত্যকাত সংহাৰী ৰূপ ধাৰণ কৰিছে কাটাখাল-বৰাক নৈৰ বানে। শনিবাৰে  হাইলাকান্দিত নৈখনৰ মথাউৰি ছিগাৰ ফলত প্লাৱিত হৈছে বহু গাঁও। আনহাতে,কাটাখাল-মোহনপুৰ নৈয়ে মথাউৰি ছিগাত জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও। ইফালে,বানাক্ৰান্ত গাঁওসমূহৰ জনতাৰ মাজত খাদ্য আৰু আশ্ৰয় বিচাৰি হাহাকাৰ লাগিছে।
আনহাতে, হাইলাকান্দি জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ সমালোচনাত মুখৰ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠন। সংগঠনসমূহৰ  অভিযোগ যে চৰকাৰৰ হেমাহিৰ বাবেই বানৰ কৱলত পৰিব লগীয়া হৈছে বৰাকৰ ৰাইজ। অতি শীঘ্ৰেই অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে দল-সংগঠন আৰু সচেতন নাগৰিকে।

Your Comments