তপন বৰগোহাঁই
ৰাজ্যৰ অধিকাংশ জিলা এতিয়া ভয়ংকৰ বানৰ কৱলত। তাৰ মাজতে পুনৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ভয়ংকৰ আগজাননী দিছে। এই আগজাননী অনুসৰি অহা আৰু ৪ দিন ৰাজ্যখনত তথা উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। সেই অনুসৰি ১৪ জুলাইত গুৱাহাটীতো হ'ব ধাৰাসাৰ বৰষুণ।
উল্লেখ্য যে ইতিমধ্যে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ প্ৰায়বিলাক নদী-উপনদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে।তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই বতৰাই চিন্তিত কৰি তুলিছে ৰাজ্যবাসী, বিশেষকৈ নৈপৰীয়াক।
আনহাতে, গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈ থকাত প্ৰৱল বৃষ্টিপাত হ'লে মহানগৰীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমোৱাৰ আশংকাৰ সৃষ্টি হৈছে। ভৰলু নদীৰে লুইতৰ বাঢ়নী পানী মহানগৰীত প্ৰৱেশ কৰিব পাৰে। তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে।
- Log in to post comments
- 8 views