নিউজ ডেস্ক:
গুৱাহাটীৰ সমীপত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ।লগতে,বৃদ্ধি পাই আছে লুইতৰ জলস্তৰ।১৩ জুলাইৰ পুৱা ৮ বজাত গুৱাহাটীৰ ডি চি কোৰ্টৰ সমীপত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৪৯.৯০ মিটাৰ।উল্লেখ্য যে গুৱাহাটীৰ সমীপত ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৯.৬৮ মিটাৰ।কাইলৈ অৰ্থাৎ ১৪ জুলাইৰ দিনৰ ১২ বজালৈ গুৱাহাটীত লুইতৰ জলস্তৰ ৫০.০৮ মিটাৰলৈ বৃদ্ধি পাব পাৰে।এনডিএমএৰ ৰাষ্ট্ৰীয় জল আয়োগে এই তথ্য প্ৰকাশ কৰিছে।
ইফালে,লুইতৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ বাবে আজি দ্বিতীয় দিনৰ বাবে বন্ধ আছে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।
- Log in to post comments
- 7 views