নিউজ ডেস্ক:
ৰাজ্যত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।ৰাজ্যৰ ২১ খন জিলাৰ ১,৫০০ খনতকৈ অধিক গাঁও এতিয়া বানাক্ৰান্ত।মাজুলীত এতিয়া লুইতৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ৭০ খন ৰাজহ গাঁও।মাজুলীত বিপদসীমাৰ ১ মিটাৰ ওপৰেৰে বৈ আছে লুইত।
ডিব্ৰুগড় জিলাত লুইতৰ কোৱাল সোঁতে উটুৱাই নিয়ে বগীবিলৰ ৰিং বান্ধ।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাত ডিব্ৰুগড় চহৰলৈও ভাবুকিৰ সৃষ্টি হৈছে।কামৰূপ জিলাত পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বিটিএডি এলেকাৰ বিস্তীৰ্ণ এলেকা এতিয়া প্লাৱিত কৰিছে।ধেমাজি আৰু লখিমপুৰ জিলাতো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
- Log in to post comments
- 15 views