ছেমি ফাইনেলত ধোনীক পিছৰফালে বেটিং কৰিবলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত দলৰ আছিল-ৰবি শাস্ত্ৰী

dhoni

নিউজ ডেস্ক:

বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱা ছেমি ফাইনেলখনত এম এছ ধোনীক পিছৰ ফালে বেটিং কৰিবলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত মন্তব্য কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে।শাস্ত্ৰীয়ে কয় যে এই সিদ্ধান্তটো দলৰ আছিল।কাৰণ এম এছ ধোনী এতিয়াও সৰ্বশ্ৰেষ্ঠ ফিনিছাৰ।

উল্লেখ্য যে ছেমি ফাইনেলখনত ভাৰতে কম ৰাণতে  কেইবাটাও উইকেট হেৰুওৱাৰ পিছত ধোনীক বেটিং কৰিবলৈ প্ৰেৰণ নকৰাৰ বাবে একাংশ ক্ৰিকেটপ্ৰেমীয়ে ভাৰতীয় দলক সমালোচনা কৰিছিল।

Your Comments