জু-ৰোড বিস্ফোৰণ সন্দৰ্ভত 'নিয়া'ই ৰুজু কৰিলে দুটা গোচৰ

NIA

নিউজ ডেস্ক:

যোৱা ১৫মে'ত সংঘটিত হোৱা জু-ৰোড গ্ৰেণেড বিস্ফোৰণৰ তদন্ত চলাইছে 'নিয়া'ই।গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে ৰুজু কৰিছে দুটাকৈ গোচৰ।সেই অনুসৰি বিস্ফোৰণটোৰ সন্দৰ্ভত RC-০৪/২০১৯/NIA/GUW গোচৰ ৰুজু কৰা হৈছে। 


আনহাতে,ঘটনাটোৰে অভিযুক্ত জাহ্নৱী শইকীয়াৰ ভাড়াঘৰত পিষ্টল উদ্ধাৰ, গ্ৰেনেড নিৰ্মাণৰ বিস্ফোৰক উদ্ধাৰৰ সন্দৰ্ভত RC-০৫/২০১৯/NIA/GUW গোচৰ ৰুজু কৰা হৈছে।
 
উল্লেখ্য যে ঘটনাটোৰে জড়িত মূল অভিযুক্তসহ  আটাইকেইজনকে আৰক্ষীয়ে আটক কৰি ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Your Comments