গীতাৰ্থ গোস্বামীক অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব

gitartha

শিৱসাগৰ :

 গীতাৰ্থ গোস্বামীক ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ "সাংগঠন সম্পাদক" হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। উক্ত পদটো গেৰুৱা দলটোৰ অসম প্ৰদেশৰ সাংগঠনিক অনুক্ৰমত দ্বিতীয়টো শক্তিশালী পদ হিচাপে গণ্য কৰা হয়। প্ৰাপ্ত খবৰ অনুসৰি গোস্বামীয়ে বিজেপি অসম প্ৰদেশৰ ভেঁটি সুদৃঢ় কৰাত সাংগঠনিক সাধাৰণ সম্পাদকক সহযোগিতা আগবঢ়াব। গীতাৰ্থ গোস্বামীক উজনি অসমত বিজেপিৰ সংগঠন মজবুত কৰিবলৈ বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখ্য যে, লক্ষীমপুৰ জিলাৰ ঘৰমৰা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত প্ৰবেশ কৰা গোস্বামী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৩য় বৰ্গ প্ৰশিক্ষিত এজন স্বয়ংসেৱক। তেখেতৰ পিতৃ আৰু দুয়োজন ভাতৃও একো একোজন স্বয়ংসেৱক আৰু মাতৃ এগৰাকী সেৱিকা। তেখেতৰ পিতৃ সত্ৰাধিকাৰ তথা 'বিশ্ব হিন্দু পৰিষদ'ৰ উত্তৰ পূৱ প্ৰান্তৰ উপ-সভাপতি হোৱাৰ ওপৰিও অন্যান্য বহুতো সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক সংঘচালক ডা: কেশৱ বলিৰাম হেডগেৱাৰ বাহিৰে আটাইকেইজন সংঘচালকে গোস্বামীৰ গৃহত আতিথ্য গ্ৰহণ কৰি গৈছে। সত্ৰাধিকাৰৰ পুত্ৰ হোৱাৰ বাবে সত্ৰ সংস্কৃতিৰ মূল্যবোধ তথা সমান্তৰালভাৱে ৰাষ্ট্ৰীয়তাবাদৰ চেতনাৰে উদ্বুদ্ধ গোস্বামী সংঘ পৰিয়ালৰ বিভিন্ন দায়িত্বত আছিল। gitartha

 তেওঁ সংঘৰ গটনায়ক, মুখ্য শিক্ষক, শাখা কাৰ্য্যবাহ, মণ্ডল কাৰ্য্যবাহ, নগৰ কাৰ্য্যবাহ, তেহচিল কাৰ্য্যবাহ, জিলা সহ-শাৰিৰীক প্ৰমুখ, সংঘ বিস্তাৰক, বজৰং দল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক সম্পাদকৰো দায়িত্ব পালন কৰিছিল। সামাজিকভাৱে সক্ৰিয় গোস্বামীয়ে ৩২ বাৰতকৈও অধিক বাৰ ৰক্তদান কৰিছে। কৰ্মদক্ষ, দায়িত্বশীল গীতাৰ্থ গোস্বামীৰ আন এটা পৰিচয় আছে খেলুৱৈ হিচাপে। এসময়ৰ "ছাই"ৰ প্ৰশিক্ষাৰ্থী এই 'দৌৰবিদ'জনে বিভিন্ন সময়ত ৰাজ্যিক স্তৰত খিতাপ বুটলিবলৈ সক্ষম হৈছিল। বৰ্তমান এইগৰাকী ব্যক্তি বিজেপি দলৰ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক হিচাপে  নিযুক্তি হোৱাৰ লগে লগে বিজেপি দলৰ নেতা কৰ্মী সকল উৎফুল্লিত হৈ পৰিছে। শিৱসাগৰ জিলা বিজেপিয়েও গীতাৰ্থ গোস্বামীলৈ অভিনন্দন জ্ঞাপন কৰি তেখেতৰ নেতৃত্বত উজনি অসমত বিজেপিৰ ভেঁটি অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰিছে ।

Your Comments