তপন বৰগোহাঁই
ৰাজ্যৰ চৰকাৰীৰ মহাবিদ্যালয়সমূহৰ পৰ্যাপ্ত আন্তগাঁথনি উন্নত কৰাৰ লগতে মহাবিদ্যালয়সমুহৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ দাবীত আজি কাহিলিপাৰাস্থিত উচ্চশিক্ষাৰ সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰে এছ এফ আইৰ অসম ৰাজ্যিক কমিটীয়ে। ইতিমধ্যে বিনামূলীয়া নামভৰ্তি সংক্রান্তত যোৱা ২৯মে'ত উচ্চ শিক্ষা সঞ্চালকালয়ে পূৰ্বৰ ষান্মাসিক 'বেক’ থকা আৰু ৭৫% শ্রেণীত উপস্থিত নথকাৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তি সুবিধা নাপাব বুলি যি জাননী জাৰি কৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ছাত্ৰ সংগঠনটোৱে দাবী জনায়।
তেওঁলোকে কয়, যোৱা বর্ষত এই নিয়ম নাছিল। কিন্তু এতিয়া ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ পাছত অথবা 'বেক' লগাৰ পাছত তৎকালীনভাৱে এনে চৰ্ত আৰোপ কৰাটো কেতিয়াও বাধ্যতামূলক নহয়। ইয়াৰ উপৰি ষান্মাসিক ব্যৱস্থাত এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কোনো বিষয়ত প্ৰয়োজনীয় নম্বৰ লাভ নকৰিলেও কেৱল সেই বিষয়ত 'বেক' প্ৰদান কৰি পৰৱৰ্তী ষান্মাসিকলৈ উত্তীণ কৰে। যিহেতু ছাত্ৰ বা ছাত্ৰী গৰাকীৰ উত্তীণ হয় তেওঁ পৰৱৰ্তী শ্ৰেণীত নামভৰ্তি কৰিবই লাগিব। কিন্তু উচ্চ শিক্ষা সঞ্চালকালয়ৰ এনে নিয়মে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে সমস্যা সৃষ্টি কৰিব। আনকি এনেধৰণৰ নিয়ম প্ৰযোজ্য হলে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰ্থিক সমস্যাৰ বাবে আধাতে পঢ়া সামৰিবলৈ বাধ্য হব বুলি অভিযোগ কৰে এছ এফ আইৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি কাশ্যপ চৌধুৰীয়ে।
ইয়াৰ উপৰি কিছুদিন পূৰ্বে ছয়গাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থী উপাসনা দাস আৰু চন্দন দাসৰ বহিষ্কাৰৰ সিদ্ধান্ত বাতিল কৰাৰ বাবেও তেওঁ দাবী জনায়। ঘেৰাও কাৰ্যসূচীৰ অন্তত শিক্ষামন্ত্ৰী আৰু উচ্চ শিক্ষাৰ সঞ্চালকলৈ সুকীয়াকৈ দুখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।
- Log in to post comments
- 7 views