গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত আজি সন্ধিয়াৰে পৰা বন্ধ থাকিব ফেৰী সেৱা

guwahati north ghy

নিউজ ডেস্ক :

যোৱা কেইবাদিনো ধৰি ৰাজ্যখনৰ লগতে উত্তৰ-পূৱত হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে বিপদ সীমাৰ ওপৰৰে বৈছে ৰাজ্যৰ প্ৰতিখন নদী- উপনদী। ফলত ৰাজ্যখনৰ মূল নদী ব্ৰহ্মপুত্ৰতো এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে জলস্তৰ। জলস্তৰ ক্ৰমাৎ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিৱহন বিভাগে গুৱাহাটীৰ আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰাৰ ফেৰী সন্দৰ্ভত জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।সেই অনুসৰি শুক্ৰবাৰে সন্ধিয়াৰ ৬.৪৫ বজাৰ পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ পৰিমাণ হ্ৰাস নোপোৱালৈ বন্ধ থাকিব সকলো ফেৰী সেৱা।উক্ত সময়ছোৱাত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ৰাইজৰ সুবিধা অৰ্থে জিলা প্ৰশাসনে অতিৰিক্ত ভাৱে চলাচল কৰাব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ।আজি সন্ধিয়াৰ পৰা কাৰ্যকৰী হ'ব এই নির্দেশনা।

Your Comments