বিশ্বকাপ জয়ৰ আশা চূৰ্ণ-বিচূৰ্ণ ভাৰতীয় দলৰ:ভাৰতক পৰাস্ত কৰি নিউজিলেণ্ড ফাইনেলত

cricket

নিউজ ডেস্ক:
বিশ্বকাপ জয়ৰ আশা চূৰ্ণ-বিচূৰ্ণ হ'ল ভাৰতীয় দলৰ তথা ভাৰতবাসীৰ।আজি ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত অপ্ৰত্যাশিতভাৱে ১৮ ৰাণত পৰাস্ত হ'ল ভাৰত।আজি সংৰক্ষিত দিনটোত কালিৰ স্ক'ৰৰ পৰা খেল আৰম্ভ কৰি  নিউজিলেণ্ডে ভাৰতক প্ৰদান কৰে ২৪০ ৰাণৰ লক্ষ্য।এই প্রায় সহজ লক্ষ্য স্পৰ্শ কৰিবলৈ খেলিবলৈ আৰম্ভ কৰা ভাৰতৰ আৰম্ভণি দুৰ্যোগপূৰ্ণ হয়।


৫ ৰাণতে ৩ টা উইকেট হেৰুওৱা ভাৰতে ৰৱীন্দ্ৰ জাদেজাৰ ৭৭ ৰাণৰ জড়িয়তে কোনোমতে সন্মানজনক স্কৰ কৰিবলৈ সক্ষম হয় আৰু শেষত ১৮ ৰাণত পৰাজয় স্বীকাৰ কৰে।ভাৰতীয় দলৰ পৰাজয়ৰ পিছত দেশজুৰি কোটি কোটি  ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক হতাশা পৰিলক্ষিত হৈছে।

Your Comments