মহানগৰীৰ গড়চুকত  ভূমিস্খলনে প্ৰাণ কাঢ়িলে এজনৰ:জিলা প্ৰশাসনৰ পাহাৰ খননত নিষেধাজ্ঞা

landslide

যোৱা তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ভুমিস্খলনৰ ঘটনা। মঙলবাৰে যোৰাবাটত ভূমিস্খলন হোৱাৰ পিছত আজি পুনৰ গড়চুকত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

আজি পুৱা ৯ মান বজাত ভূমিস্খলনত গড়চুকৰ কটাবাৰীৰ বেথানি পাহাৰৰ নাৰায়ণ শ্বাহ নামৰ এজন লোক নিহত হয়।নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা এটা বৃহৎ শিল খহি পৰে শ্বাহৰ বাসগৃহত।সংকটজনক অৱস্থাত শ্বাহক জিএমচিএইচলৈ প্ৰেৰণ কৰে যদিও মৃত বুলি ঘোষনা কৰে চিকিৎসকে।বৰ্তমানো শিল নামি আহি আছে বেথানি পাহাৰৰ পৰা।ফলত,উক্ত অঞ্চলত  পৰিস্থিতি ভয়ংকৰ দিশলৈ গতি কৰিছে। 

ইফালে,বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে 
গুৱাহাটীৰ পাহাৰীয়া অঞ্চলসমূহৰ জনতাক অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। 

উল্লেখ্য যে কিছুদিন পূৰ্বে কোনো অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে পাহাৰটোত খননকাৰ্য চলোৱাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উথাপন কৰিছে স্থানীয় একাংশই। 

আজি এই ঘটনা সংঘটিত হোৱাৰ পিছতে কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নির্দেশনা।সেই অনুসৰি,বৰষুণ বন্ধ নোহোৱা পৰ্যন্ত মহানগৰীত পাহাৰৰ সকলো ধৰণৰ খনন কাৰ্য বন্ধ ৰাখিবলৈ জাননী জাৰি কৰিছে।লগতে জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰৰ কাৰ্যালয়ক এইক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে। 

আনহাতে,ভূমিস্খলনৰ ঘটনাটোত সৌভাগ্যক্ৰমে ৰক্ষা পৰে মৃত নাৰায়ণৰ পত্নী আৰু একমাত্ৰ পুত্ৰ।নাৰায়ণৰ পত্নীৰ অভিযোগ যে প্ৰশাসনে তেওঁলোকক উদ্ধাৰ কৰিলে যদিও তেওঁলোক ক'ত থাকিব বৰ্তমান সময়লৈকে সেই সংক্ৰান্তত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।ইফালে,ঘটনাটোক লৈ আতংকিত হৈছে সমগ্ৰ গড়চুক অঞ্চল। 

উল্লেখযোগ্য যে মঙলবাৰে যোৰাবাটৰ ১১ মাইলত ভূমিস্খলনত হেমেশ্বৰ বৰা নামৰ এজন বৃদ্ধ গুৰুতৰভাৱে আহত হৈছিল।

Your Comments