তেজপুৰত সদৌ অসম ৱাডো কাৰাটে প্ৰতিযোগিতাৰ আয়োজন

karate

নৰেন শৰ্মা :

ৱাডো কাৰাটে সন্থা,অসমৰ উদ্যোগত শোণিতপুৰ জিলা ৱাডো কাৰাটে সন্থাৰ সহযোগত অহা ২০ আৰু ২১ জুলাইত তেজপুৰ নেহেৰু ময়দান প্ৰাংগনত দুদিনীয়াকৈ সদৌ অসম ৱাডো কাৰাটে প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷খেলৰ প্ৰথমদিনা আবেলি তিনি বজাত দল সমূহক আদৰণি,চাৰি বজাত কাৰিকৰী বিষয়া সকলৰ আলোচনা চক্ৰ,পাচ বজাত ৱাডো কাৰাটে সন্থাৰ অধিবেশন,নিশা ন বজাত আহাৰ গ্ৰহন,দ্বিতীয় দিনা পূৱা সাত বজাত লঘু আহাৰ গ্ৰহন,আঠ বজাত আয়োজক সমিতিৰ পতাকা উত্তোলন,উত্তোলন কৰিব আয়োজক সমিতিৰ সভাপতি মুকুল নাথে,৮-১৫ বজাত প্ৰতিযোগিতাৰ পতাকা উত্তোলন,উত্তোলন কৰিব ৱাডো কাৰাটে সন্থা,অসমৰ উপসভাপতি মানব ভৰালীয়ে,৮-৩০ বজাত স্মৃতি তৰ্পণ,তৰ্পণ কৰিব ৱাডো কাৰাটে সন্থাৰ যুটীয়া সম্পাদক কৃষ্ণ কলিতাই,ন বজাত প্ৰতিযোগিতা উদ্বোধন,উদ্বোধন কৰিব শোণিতপুৰ জিলা উপায়ুক্ত নাৰ্চিং পাৱাৰে,৯-১৫ বজাত প্ৰতিযোগিতা আৰম্ভ,দুপৰীয়া দুই বজাত আহাৰ গ্ৰহণ,আবেলি পাচ বজাত মুকলি অধিবেশন আৰু বটাঁ বিতৰণি অনুস্থান,অনুস্থানত ৱাডো কাৰাটে সন্থা,অসমৰ সভাপতি গিৰীধৰ চৌধুৰী আৰু কাৰ্য্যকৰী সভাপতি গনেশ কাকতি উপসভাপতি তথা  সাহিত্যিক বটাঁ প্ৰাপ্ত ৰুনু দেৱী শৰ্মাই মুখ্যঅতিথি হিচাবে অংশগ্ৰহণ কৰিব৷অনুস্থানত আয়োজক আৰু ৰাজ্যিক সমিতিৰ সভাপতি আৰু সম্পাদক সকলে প্ৰতিযোগিতাৰ বিজয়ী সকলক বটাঁ প্ৰদান কৰিব৷

Your Comments