নিউজ ডেস্ক :
দুদিন পূৰ্বে ওদালগুৰি জিলাৰ কলাইগাঁৱত ভণ্ড বাবাৰ প্ৰৰোচনাত সংঘটিত হোৱা মৰ্মান্তিক,হৃদয়বিদাৰক ঘটনাটোৱে ৰাজ্য তথা দেশজুৰি ব্যাপক চর্চাৰ লাভ কৰাৰ সময়তে তেনে এগৰাকী ভণ্ডবাবাৰ মইমতালিৰ কথা এইবাৰ পোহৰলৈ আনিছে 'ব্ৰাদাছ' নামৰ এটা সামাজিক সংগঠনে। সমাজত সংঘটিত হৈ থকা অন্ধবিশ্বাস নিৰ্মূলৰ বাবে জন্ম হোৱা সমাজিক সংগঠনটোৱে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি কয় যে " অসম চৰকাৰৰ গৃহবিভাগ,পুলিচ প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে স্মাৰ্ট চিটিলৈ উন্নীত কৰিব বিচৰা গুৱাহাটীৰ মহানগৰীত যি কোনো সময়তে সংঘটিত হ'ব কলাইগাঁৱতকৈয়ো ভয়ংকৰ ঘটনাৰ"।
ইয়াৰ কাৰণ বৰ্ণনা কৰি সংগঠনটোৰ সচিব প্ৰধান তথা মানৱ অধিকাৰ কর্মী দিব্যজ্যোতি শইকীয়াই কয় " ২০১৮ চনৰ পৰা মহানগৰীৰ দিছ্পুৰ থানাৰ ওদালবাক্ৰা আৰক্ষী চকীৰ অন্তৰ্গত সোনাইঘুলিত ৰবীন ৰাজবংশী নামৰ এগৰাকী ভণ্ডবাবাই অন্ধবিশ্বাসত বলিয়ান হৈ চলাই আহিছে সন্ত্ৰাস'। নিজকে ভগৱান বুলি পৰিচয় দিয়া স্বয়ম্ভূ গৰাকীৰ উপদ্ৰৱত এতিয়া অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী। শইকীয়াই আজি সংবাদ মেল খনত জানিবলৈ দিয়া অনুসৰি স্বয়ম্ভূ ৰবীন ৰাজবংশীয়ে অঞ্চলটোৰ একাংশ লোকক অলৌকিক শক্তিৰ ভয়, আক্ৰমণ তথা হত্যাৰ ভাবুকি প্ৰদান কৰি হলেও তেওঁক ভগৱান বুলি মানি লবলৈ বাধ্যকৰাই আহিছে।অঞ্চলটো জনসাধাৰণক নিজকে ভগৱান বুলি পৰিচয় দিয়া স্বয়ম্ভূ ৰবীন ৰাজবংশীয়ে শীত-তাপ নিয়ন্ত্ৰণ কৰাৰ লগতে কেঞ্চাৰৰ দৰে জটিল ৰোগো মিনিটতে নিৰ্মূল কৰি তুলিব পাৰে বুলি নিজকে পৰিচয় দি আহিছে।
ইফালে দিব্যজ্যোতি শইকীয়াই আজি সংবাদ মেলত উল্লেখ কৰাৰ অনুসৰি ভণ্ড ৰবীন ৰাজবংশীয়ে সোনাইঘুলিত থকা মোমায়েকৰ ঘৰৰ চৌহদত জনসাধাৰণক অন্ধবিশ্বাসৰ বিধানদিয়াৰ বাবে "শ্ৰীশ্ৰীমহামৃত্যুঞ্জয় জাগ্ৰত গণশক্তিপীঠ" নাম দি এটা মন্দিৰো নিৰ্মান কৰিছে।তেওঁ উল্লেখ কৰাৰ অনুসৰি অন্ধবিশ্বাসত বলিয়ান স্বয়ম্ভূ ৰবীন ৰাজবংশীয়ে মন্দিৰত পূজা কৰাৰ নামত সমগ্ৰ অঞ্চলটোত চলাই আহিছে সন্ত্ৰাস।আনহে নালাগে স্বয়ম্ভূ বাবা গৰাকীৰ উপদ্ৰৱত সন্ধিয়া হ'লেই এতিয়া ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নোৱাৰা এক অৱস্থাৰ সৃষ্টি কৰে। আৰু এই বিষয়ত যদি অঞ্চলবাসীয়ে প্ৰতিবাদ কৰে তেন্তে স্বয়ম্ভূ ৰবীন ৰাজবংশীয়ে ভাবুকি প্ৰদান কৰে। এই সম্পৰ্কত দীৰ্ঘদিনৰ পৰা অসম চৰকাৰৰ গৃহবিভাগ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ, আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক অঞ্চলবাসীয়ে কেইবাবাৰো পত্ৰৰ জৰিয়তে অৱগত কৰি আহিছে যদিও বিষয়টোৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই অসম চৰকাৰ তথা পুলিচ-প্ৰশাসনৰ। যোৱা ২০মে'ৰ পৰা জিলা প্ৰশাসনে স্বয়ম্ভূ ৰবীন ৰাজবংশীৰ মন্দিৰ নিজৰ নিয়ন্ত্ৰনলৈ নিছে যদিও মাজে-মাজে এতিয়াও স্বয়ম্ভূ ৰবীন ৰাজবংশী উক্ত মন্দিৰলৈ আহিয়েই আছে।সংগঠনটোৰ দাবী স্বয়ম্ভূ তান্ত্ৰিক ৰবীন ৰজবংশীৰ মন্দিৰ সম্পূৰ্ন ৰূপে প্ৰশাসনে বন্ধ কৰাৰ ব্যবস্থা কৰিব লাগে।
আনহাতে কলাইগাঁৱৰ ঘটনাৰ সন্দৰ্ভত শইকীয়াই আজি একেখন সংবাদমেলতে কয় যে "মানসিকভাৱে আমি যেতিয়ালৈকে আধুনিক হ'ব নোৱাৰিম তেতিয়ালৈকে এনে ঘটনাসমূহ আমাৰ সমাজত ঘটিয়েই থাকিব"। লগতে কয় এনে ঘটনা সমূহ নিৰ্মূল কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ পুলিচ-প্ৰশাসন আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগ কঠোৰ হ'ব লাগিব।কিন্তু অতি দুভাগ্যজনক কথা এইয়ে ৰাজ্য চৰকাৰৰ গৃহবিভাগ আৰু পুলিচ প্ৰশাসন আজিলৈ এই বিষয়ত উদাসীন বুলিও তেওঁ অভিযোগ কৰে। একেদৰে ৰাজ্যৰ স্বাস্থ্যৰ খণ্ডৰ পঁয়া লগা অৱস্থায়ো এই ঘটনা বোৰৰ বাবে দায়ী বুলি দাবী কৰি তেওঁ পুনৰ কয় যে ৰাজ্যৰ চিকিৎসাখণ্ডত বৰ্তমান সময়ত থাকিব লাগিছিল ৪০২০ গৰাকী চিকিৎসক কিন্তু তাৰ পৰিৱৰ্তে ৰাজ্যৰ তিনি কোটিৰো অধিক জনসংখ্যাক চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে ৰাজ্যত বৰ্তমানে আছে মাত্ৰ ২৭১১ গৰাকীহে চিকিৎসক। ফলত সমাজৰ এচাম জনসাধাৰণে আজি উপযুক্ত চিকিৎসা নাপাই এনেধৰণৰ ভণ্ডবাবাৰ কাষ চাপিব লগাত পৰিছে বুলিও সংগঠনটোৱে অভিযোগ কৰে।
সংগঠনটোৱে লগতে কয় অন্ধবিশ্বাসৰ বিৰুদ্ধে "এক জাতি এক আইনৰ" বৰ্তমান সময়ত প্ৰয়োজনীয়তা আহি পৰিছে। উক্ত উদেশ্য আগত ৰাখিয়েই আগন্তক ১৫আগষ্টৰ পূৰ্বে মুম্বাইত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিনিধিৰে সংগঠনটোৱে এক বৈঠকত মিলিত হৈ পৰৱৰ্তী সময়ত চৰকাৰৰ ওচৰত এই সম্পৰ্কত দাবী জনোৱা হব বুলিও জানিব দিয়ে।
- Log in to post comments
- 10 views