লখনৌৰ অটল বিহাৰী বাজপায়ী ইকানা ষ্টেডিয়াম হ'ব আফগান ক্ৰিকেট দলৰ নতুন 'হোম গাউণ্ড'

afgan

আফগানিস্তান ক্ৰিকেট দলৰ নতুন 'হোম গ্ৰাউণ্ড' হ'ব উত্তৰ প্ৰদেশৰ লখনৌৰ অটল বিহাৰী বাজপায়ী ইকানা ষ্টেডিয়াম।অনুশীলন,প্ৰশিক্ষণৰ লগতে ষ্টেডিয়ামখনতে আফগানিস্তান ক্ৰিকেট দলে বিভিন্ন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় শৃংখলাৰ মেচো খেলিব।


উত্তৰ প্ৰদেশ ক্ৰিকেট সংঘ আৰু আফগান ক্ৰিকেট বোৰ্ডৰ মাজত শীঘ্ৰে এই সন্দৰ্ভত চুক্তি সম্পাদন হ'ব।অহা নৱেম্বৰ মাহত আফগানিস্তানৰ ৱেষ্ট ইণ্ডিজৰে সৈতে হ'ব লগা শৃংখলাৰ মেচসমূহ এই ষ্টেডিয়ামতে আয়োজিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।স্মৰ্তব্য যে আফগান ক্ৰিকেটৰ উন্নয়নৰ বাবে বিচিচিআয়ে যথেষ্ট সহায়-সাহায্য কৰি আহিছে।

Your Comments