গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
বাৰিষাৰ প্ৰথমটো বানত প্লাৱিত হ'ল গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল। কাকডোঙা নদীৰ দুটাকৈ বান্ধ ভাঙি হঠাৎ অহা সংহাৰী বানত পলকতে প্ৰায় ৩০ -৪০ খনকৈ গাঁও পানীৰ তলত বুৰ গ'ল।বৰহোলাৰ বৃহৎ অঞ্চলকে কৰি আঠখেলীয়া,মক্ৰং,ঘিলাধাৰী,খুটাকটা, সৰু কছাৰী, ফেচুৱাল আদি গাঁওসমূহ এতিয়া পানীৰ তলত।
বানত গঞা ৰাইজৰ আৱাস, বিদ্যালয় ,কৃষিভূমি ,চাহবাগিচাসমূহ পানীত ডুব যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।ভুক্তভোগীৰ ভাষ্য অনুসৰি এই পৰ্যন্ত জিলা প্ৰশাসনে বানাক্ৰান্তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
- Log in to post comments
- 12 views