কিয় ভাৰতৰ পক্ষত কথা ক'লে পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদে?

sar

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছত পাকিস্তানৰ একাংশ প্ৰাক্তন খেলুৱৈয়ে অভিযোগ উত্থাপন কৰিছিল যে ভাৰতে খেলখনত ইচ্ছাকৃতভাৱে পৰাজয় স্বীকাৰ কৰিছিল।পাকিস্তানক ছেমিফাইনেল খেলাৰ পৰা আঁতৰাই ৰাখিবলৈকে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে নিম্নমানৰ খেল খেলিছিল বুলি পাকিস্তানী প্ৰাক্তন খেলুৱৈসকলে মত প্ৰকাশ কৰিছিল।অৱশ্যে,এতিয়া পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদে কৈছে যে ভাৰতীয় দলে ইচ্ছাকৃতভাৱে পৰাস্ত হৈছিল বুলি কোৱাটো ভুল কথা হ'ব।সেইদিনাখন ইংলেণ্ডে ভাল খেলিছিল।


বিশ্বকাপৰ পৰা পাকিস্তান বাহিৰ হোৱাৰ পিছত ইংলেণ্ডৰ পৰা আহি পাকিস্তানৰ কৰাচী বিমানবন্দৰত নমাৰ পিছত সাংবাদিকৰে বাৰ্তালাপত এইদৰে ভাৰতৰ পক্ষত বক্তব্য প্ৰকাশ কৰে ছৰফৰাজে।

Your Comments